নিউজডেক্স,১২জুন,২০২৪ :প্ৰধানমন্ত্ৰী জলজীৱন মিছনৰ আঁচনিৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ জয়ঢোল কোবাই থকা অৱস্থাতে সেই আঁচনিখন নাজিৰাত চৰম প্ৰহসনত পৰিণত হৈছে ৷ বিগত প্ৰায় তিনি মাহধৰি বি জে পি নেৰ্তৃত্বাধীন নাজিৰা পৌৰসভাই নগৰবাসীক যোগান ধৰিব পৰা নাই বিশুদ্ধ খোৱাপানী ।নাজিৰা পৌৰসভাৰ পৰা পৰিচালিত আৰু নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে নগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰে যদিও মটৰ আৰু টেংকীৰ বিজুতি হোৱাৰ বাবে আজি তিনিমাহ ধৰি যোগান ধৰা নাই খোৱাপানী । যাৰ বাবে নগৰবাসী সৰ্বসাধাৰণ জনগণে ব্যাপক সমস্যাৰ সম্মুখীন হৈ আহিছে । বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত নাজিৰা নগৰৰ একাংশ জনগণে আজি নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদেৰে ক্ষোভ উজাৰে । সমস্যা সমাধান বিচাৰি জনগণে আবেদনলৈ পৌৰসভা কৰ্তৃপক্ষৰ ওচৰলৈ গলে পৌৰকৰ্তৃপক্ষই জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ দায়িত্ব ঠেলা মাৰে আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ গলে নাজিৰা পৌৰসভালৈ দায়িত্ব ঠেলে । এনে দলিয়া – দলি মন্তব্যৰে দায় সাৰিব বিছৰা পৌৰ প্ৰশাসক আৰু নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰম অকমন্যতাৰ বাবে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত জনগণে অৱশেষত কাৰ্যালয়ৰ সন্মূখত অৱস্থান কৰি কাৰ্যালয় ঘেৰাও জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয় ।
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

