Author: newshuntne

newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

নিউজডেক্স,১২জুলাই,২০২৬: :  আধুনিক বিশ্বৰ অপৰম্পৰাগত  প্ৰাকৃতিক তেল আৰু গেছৰ এক প্ৰাচুৰ্য্যময় উৎস ৰূপে চিহ্নিত হোৱা চেইল গেছৰ এক অফুৰন্ত ভাণ্ডাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত সিঁচৰিত হৈ আছে যদিও কোনো অজ্ঞাত কাৰণত কেন্দ্ৰীয় চৰকাৰে অসমৰ এই ঐশ্বৰ্যশীল চেইল গেছৰ ভাণ্ডাৰ উদ্ঘাটন নকৰাটো বা কৰিব নিবিচৰাটো অতি আশ্বৰ্যজনক কথা ৷ সাধাৰণতে পৰম্পৰাগত প্ৰাকৃতিক তেল বা গেছ জীৱাস্মৰ উৎপাদিত হয় আৰু ইয়াৰ ব্যৱহাৰৰ ফলত বায়ুমণ্ডল প্ৰদূষিত হৈ পৃথিৱীৰ গোলকীয় উষ্ণতা বাঢ়ে, আনহাতে  ভূগৰ্ভত গেদীয় শিলৰ মাজত স্তৰীভূত হৈ থকা চেইল গেছৰ উৎপাদন কিছু ব্যয়সাধ্য হলেও এনে গেছ ব্যৱহাৰৰ ফলত আন ইন্ধনৰ তুলনাত প্ৰদূষণৰ মাত্ৰা বহু কম হয় বাবেই ই পৰিবেশৰ বাবে অনুকূল ৷…

Read More

নিউজডেক্স,৬জুলাই,২০২৬:  বৰ্তমান ৰাজ্য চৰকাৰে অবৈধ বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ সময়তে  নাজিৰা চহৰৰ মাজমজিয়াত অৱস্থিত চৰকাৰী চিকিৎসালয়ৰ ভূমি বেদখল কৰি থকা এগৰাকী মহিলাৰ আবেদন  গুৱাহাটী উচ্চ ন্যায়ালয়ে বহু বছৰৰ আগতে নাকচ কৰাৰ পিছতো  দুই দশকৰো অধিক কাল ধৰি এই বিষয়টোৰ সু মিমাংসা কৰাত ব্যৰ্থ হৈছে চিকিৎসালয় কৰ্তৃপক্ষ তথা প্ৰশাসন৷ উল্লেখ্য যে নাজিৰা নগৰৰ সোঁমাজত থকা এই চৰকাৰী সহাৰ্যপ্ৰাপ্ত ৰাজ্যিক চিকিৎসালয় খনলৈ চিকিৎসাজনিত কাৰণত নগৰখনৰ লগতে উপকণ্ঠীয় অঞ্চলৰ লোকৰ আগমণ ঘটে  আৰু ইয়াক এক পূৰ্ণাংগ স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰিবৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি দাবী উণ্থাপন কৰি আহিছে৷এই চিকিৎসালয়ৰ চৌহদত প্ৰয়োজনীয় ভৱন নিৰ্মাণ কৰি ৰাইজক উন্নত চিকিৎসা সেৱা প্ৰদান কৰিব পৰাৰ থল আছে যদিও চিকিৎসালয় খনৰ ভূমি…

Read More

নিউজডেক্স,৪জুলাই,২০২৬: বৃটিছৰ দিনতেই তদানীন্তন অসম চাহ কোম্পানীৰ  দ্বাৰা ১৯৪৪ চনত নাজিৰা নগৰৰ সোঁমাজত  স্থাপিত হোৱা নাজিৰাৰ প্ৰাথমিক চিকিৎসালয়খন  স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়ত  চৰকাৰী সহাৰ্যপ্ৰাপ্ত প্ৰাথমিক চিকিৎসালয়লৈ উন্নীত কৰা হয়৷ এই চিকিৎসালয়খনলৈ নাজিৰা নগৰৰ লগতে সমীপৱৰ্তী শিমলুগুৰি,গড়গাওঁ,চূণপোৰা,চণ্টক,পানীবিল ইত্যাদি বিভিন্ন অঞ্চলৰ পৰা দিনে নিশাই যিকোনো সময়ত চিকিৎসাৰ বাবে বিভিন্ন ৰোগী আহে যদিও বিগত কিছু বছৰৰ পৰা চৰকাৰে এই চিকিৎসালয় খনত প্ৰয়োজনীয় ডাক্তৰ,কৰ্মচাৰীকে ধৰি অন্যান্য সা-সুবিধা সমূহ হ্ৰাস কৰাৰ ফলশ্ৰুতিত ৰাইজ বহু অসুবিধাৰ সন্মুখীন হৈছে৷  আজিও গঢ়ে দৈনিক   ৭০/৮০ জন ৰোগী অহা  এই চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয় খন এটা পূৰ্ণাংগ স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰিবৰ বাবে স্থানীয় ৰাইজে বিগত বহুবছৰ ধৰি দাবী উণ্থাপন কৰি অহাৰ লগতে…

Read More

নিউজডেক্স, ১৯ মাৰ্চ,২০২৬ :: অসমত আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত আগবঢ়াৰ সময়তে এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক সমস্যাই ৰাজ্যখনৰ সংবাদ কৰ্মীসকলক আক্ৰান্ত কৰা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ প্ৰায়বোৰ সমজিলাত এতিয়া নিৰ্বাচনী বিষয়াৰ  কাৰ্যালয় নথকাত সমজিলা সমূহ “ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰ”ৰত পৰিণত হোৱা বুলি বহুতে অভিযোগ কৰিছে। প্ৰাপ্ত তথ্যানুসৰি, পূৰ্বতে সমজিলা অৰ্থাৎ  মহকুমা পৰ্যায়ত নিৰ্বাচন বিষয়াৰ কাৰ্যালয় থকাত স্থানীয় স্তৰতেই নিৰ্বাচন সংক্ৰান্তীয় বিভিন্ন কাম-কাজ সম্পন্ন কৰা হৈছিল। বিশেষকৈ সংবাদমাধ্যমৰ ক্ষেত্ৰত, স্থানীয় সংবাদকৰ্মীসকলক নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰয়োজনীয় পৰিচয় পত্ৰ (পাছ)কে ধৰি অন্যান্য আনুষংগিক সা-সুবিধা সমূহ সমজিলা পৰ্যায়তেই প্ৰদান কৰা হৈছিল। কিন্তু এইবাৰ নিৰ্বাচনৰ পূৰ্বে এই ব্যৱস্থাত পৰিবৰ্তন আনি সমজিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়…

Read More

নিউজডেক্স,১৮মাৰ্চ,২০২৬ : নাজিৰা: ৰাজ্যখনৰ বিভিন্ন ৰাজহ চক্ৰত ৰাইজৰ সুবিধাৰ্থে মাটি-বাৰী সংক্ৰান্তীয় কাম-কাজ যেনে নামজাৰি, ভাগ-বাটোৱাৰা, পট্টা পৃথকীকৰণ আদি ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা অনলাইন ব্যৱস্থাই বহু ক্ষেত্ৰত সুফল কঢ়িয়াই আনিলেও এতিয়া ইয়াক লৈ প্ৰৱঞ্চনাৰ ঘটনাও বৃদ্ধি পোৱা দেখা গৈছে। ৰাজহ বিভাগত প্ৰশাসনিক স্বচ্ছতা আৰু ক্ষীপ্ৰতা অনাৰ লক্ষ্যৰে আৰম্ভ কৰা এই অনলাইন ব্যৱস্থাক একাংশ দালাল শ্ৰেণীৰ লোকে লুণ্ঠনৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি সাধাৰণ ৰাইজক শোষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। শেহতীয়াকৈ নাজিৰা  আৰু শিৱসাগৰ ৰাজহ চক্ৰত নামজাৰি, পট্টা পৃথকীকৰণ আদি কামৰ বাবে অনলাইনযোগে আবেদন জনোৱা বহু লোকক এক দুষ্ট চক্ৰই ৯৬৩৩৮৭০৬৭১/০৯৪৩৬৪০২৭৪০/৮০৯৯৯৭৪৫৮০/৯৭০৭৪৬৪৭৮৫  ইত্যাদি  অচিনাকী নম্বৰৰ পৰা ফোন কৰি ব্যক্তিজনৰ আবেদন…

Read More

নিউজডেক্স, ১৬ মাৰ্চ : জনস্বাস্থ্যলৈ পিঠি দি  নাজিৰা আৰু শিমলুগুৰি অঞ্চলত ভেজাল পনিৰৰ ব্যৱসায় চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি পুষ্টিকৰ খাদ্য হিচাপে পৰিচিত পনিৰৰ নামত বহু ব্যৱসায়ীয়ে ৰাইজক ভেজাল খাদ্য বিক্ৰী কৰি অধিক মুনাফা লাভ কৰি আহিছে। প্ৰাপ্ত তথ্য অনুসৰি শিমলুগুৰি অঞ্চলত প্ৰতি কেজি পনিৰ সাধাৰণতে ৪৮০ টকাৰ পৰা ৫০০ টকা দৰত বিক্ৰী কৰা হয়। কিন্তু একাংশ বিক্ৰেতাই অধিক লাভৰ আশাত গাখীৰৰ লগত বিভিন্ন অবৈধ  দ্ৰব্য মিহলাই পনিৰ প্ৰস্তুত কৰাৰ অভিযোগ উত্থাপিত হৈছে।এই ভেজাল পনীৰবোৰ পানীত দিয়াৰ লগে লগে গলি বিজলুৱা হৈ যায় আৰু ৰন্ধাৰ পিছত ফুলি যোৱাৰ লগতে খাবলৈ স্বাদহীন ৰবৰৰ দৰে হয়৷ এনে…

Read More

न्यूज़ डेस्क -15 मार्च 2026 : आज भारतीय निर्वाचन आयोग द्वारा असम सहित देश के अन्य चार राज्यों के विधानसभा चुनावों की तिथि की औपचारिक रूप से घोषणा की गई जिनमें पश्चिम बंगाल, केरल, तमिलनाडु तथा पुडुचेरी भी शामिल है। 16 मार्च को चुनाव संबंधित अधिसूचना जारी की जाएगी तथा उसी के साथ चुनाव आचार संहिता लागू हो जाएगी। नामांकन पत्र दाखिल करने की अंतिम तिथि 23मार्च होगी वहीं 24मार्च को मतपत्रों की जांच की जाएगी। नामांकन पत्र 26मार्च तक वापस लिए जा सकेंगे। 9 अप्रैल को मतदान होगा वहीं,मतगणना 4मई को की जाएगी। 9अप्रेल को होने वाले विधानसभा चुनावों…

Read More

নিউজডেক্স,১৫মাৰ্চ,২০২৬ :আজি বিয়লি ৪ বজাত  এক সংবাদ মেল যোগে অসম সহ দেশৰ আন  চাৰিখন ৰাজ্য ক্ৰমে পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে ভাৰতৰ নিৰ্বাচন আয়োগে অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ। ১৬ মাৰ্চত জাৰি কৰা হ’ব নিৰ্বাচনী অধিসূচনা। মনোনয়নৰ অন্তিম দিন ২৩ মাৰ্চ। মনোনয়নৰ পুনৰীক্ষণৰ তাৰিখ ২৪ মাৰ্চ, মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ মাৰ্চ। ৪ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা। ৬ মে’ৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব সকলো নিৰ্বাচনী কাম। এই ঘোষণাৰ লগে লগে পাঁচখন ৰাজ্যতে আৰম্ভ হ’ল নিৰ্বাচনী প্ৰক্ৰিয়া। বিশেষকৈ অসমৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে…

Read More

নিউজডেক্স,২৭ ফেব্ৰুৱাৰী, ২০২৬ :  সমগ্ৰ ৰাজ্যৰ লগতে আজি নাজিৰা বিধানসভা সমষ্টিতো অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অন্তৰ্গত মিছন বসুন্ধৰা ৩.০ৰ অধীনত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি পট্টা আৰু স্বমিত্ব আঁচনিৰ অধীনত উপাসনাস্থলী, শিক্ষানুষ্ঠান আদিৰ ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ডিজিটেল পট্টা, আবন্টন, বন্দৱস্তিৰ পত্ৰ আৰু আবন্টন প্ৰস্তাৱ গ্ৰহণৰ পত্ৰ বিতৰণ কৰা হয়। নাজিৰা এম.চি ক্লাবৰ প্ৰাংগণত, সমজিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা আজিৰ এই পট্টা বিতৰণ কাৰ্য্যসূীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই। সভাৰ আৰম্ভণিতে ধেমাজিৰ দেউৰী বিলত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আয়োজন কৰা  কেন্দ্ৰীয় পট্টা বিতৰণ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।…

Read More

নিউজডেক্স,১৯ ফেব্ৰুৱাৰী,২০২৬ : সোণাৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত সাপেখাতী মৌজাৰ  অসম অৰুণাচল সীমান্তৱৰ্তী হোলোঙামৰা গাঁৱৰ জনসাধাৰণে এটুপি পানীৰ বাবে জীয়াতু ভূগিব লগা হৈছে।সীমান্তৰ্বতী হোলোঙামৰা গাঁৱৰ এক জ্বলন্ত সমস্যা হল পানী ।পাহাৰীয়া অৰুণাচল প্ৰদেশৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত দমকল পুতিলেও  পানীৰ সন্ধান পোৱা নাযায়৷ চলিত  বৰ্ষত বৰষুণ মাত্ৰা অত্যাধিক কম হোৱাৰ বাবে অঞ্চলটোৰ পুখুৰী,কুৱাঁ,জান জুৰিৰ পানী শুকাই চিৰাল ফাট মেলিছে।যাৰ বাবে অঞ্চলটোৰ জনসাধাৰণে কেইবা কিলোমিটাৰ দূৰৰ গুজৰাটিঙ পাহাৰৰ নিজৰাৰ পানী আনি জীৱন যাপন কৰিব লগা হোৱাৰ লগতে  জনসাধাৰণে এটি অপৰিস্কাৰ পুখুৰীৰ পানী সেৱন কৰাৰ ফলত বিভিন্ন ৰোগৰ প্ৰাদূৰ্ভাৱ বৃদ্ধি পাইছে।উল্লেখযোগ্য যে অঞ্চলটোৰ জনসাধাৰণৰ আবেদন নিবেদনৰ ফলত অসম চৰকাৰে এটি বিশুদ্ধ খোৱাপানী…

Read More