Subscribe to Updates
Get the latest creative news from FooBar about art, design and business.
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
Author: newshuntne
newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.
নিউজডেক্স,১৭ফেব্ৰুৱাৰী,২০২৬ :অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং ফাগুন মাহৰ প্ৰথম বুধবাৰে ৰাজ্যজুৰি উদযাপন কৰা হয়। কৃষি সংস্কৃতি আৰু প্ৰকৃতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এই বৰ্ণাঢ্য উৎসৱক লৈ ইতিমধ্যে ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে।আলি আই লৃগাঙৰ প্ৰাকমুহূৰ্তত মিচিং জনগোষ্ঠীৰ ঐনিঃতমৰ প্ৰথম অনাতাঁৰ শিল্পী তথা প্ৰবীন নাট্যকাৰ আৰু সাহিত্যিক অৱন্তী পামেগাম চেতিয়াই আমাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাইজক আহ্বান জনায় কয় যে আলি আই লৃগাং মূলতে মাটিৰ সৈতে, কৃষিৰ সৈতে আৰু গাঁৱৰ প্ৰাকৃতিক জীৱন-যাপনৰ সৈতে গভীৰভাৱে সম্পৰ্কিত এক সামূহিক উৎসৱ। সেয়ে এই উৎসৱ উদযাপনৰ ক্ষেত্ৰত কৃত্ৰিমতা পৰিহাৰ কৰি গাঁৱৰ মাটিৰ পৰশত, প্ৰাকৃতিক পৰিবেশত উদযাপন কৰাটোৱেই হওঁক প্ৰধান লক্ষ্য।তেওঁ…
নিউজডেক্স,১৪ফেব্ৰুৱাৰী,২০২৬: চলিত ২০২৬ বৰ্ষত পবিত্ৰ মক্কা শ্বৰীফলৈ তীৰ্থ যাত্ৰা কৰিব বিচৰা শিৱসাগৰ জিলাৰ ৭৪ গৰাকী হজযাত্ৰীক জিলা হজ কমিটিৰ উদ্যোগত আজি শিৱসাগৰ নগৰৰ আৰবান মডেল হস্পিতালত ভেকচিন প্ৰদান কৰা হয়৷ জিলাখনৰ ৬৫ বছৰৰ ওপৰৰ ৭ গৰাকী বয়োজ্যেষ্ঠ হজযাত্ৰীক মেনিনজাইটিছ আৰু ইনফ্লুৱেঞ্জাৰ টীকা প্ৰদানৰ লগতে আন সকলক কেৱল মেনিনজাইটিছ টীকা প্ৰদান কৰা হয় যদিও এই ৬৭ গৰাকী হজযাত্ৰীয়ে ইচ্ছা কৰিলে নিজাববীয়াকৈ ইনফ্লুৱেঞ্জাৰ ভেকচিন লব পাৰিব বুলি জিলা হজ কমিটিয়ে জনাইছে৷ জিলা হজ কমিটিৰ বিষয় ববীয়াৰ উপস্থিতিত ডাক্তৰ চালমা চুলতানা আৰুডাক্তৰ আমিনুৰ ৰহমানৰ তত্ত্বাৱধানত পৰিচালিত হোৱা এই টীকা প্ৰদান কাৰ্যসূচীৰ প্ৰাৰম্ভণিতে চৰকাৰী নিৰ্দেশনা মৰ্মে হজযাত্ৰী সকলৰ যকৃত কাৰ্যকৰী পৰীক্ষণৰ ৰিপৰ্টো চিকিৎসকদ্বয়ে পৰীক্ষা…
নিউজডেক্স,১২ফেব্ৰুৱাৰী,২০২৬ : নাজিৰাৰ চানবছা গাওঁত স্থাপিত বহু কোটি টকাৰ দুগ্ধ প্ৰকল্পত গুৰুতৰ আৰ্থিক অনিয়ম আৰু অভ্যন্তৰীণ বিশৃংখলতাৰ অভিযোগ উঠাৰ পাছত বহু দিন ধৰি বন্ধ হৈ থকা প্ৰকল্পটো বৰ্তমান ধ্বংসৰ দিশে গতি কৰিছে৷ নাজিৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ প্ৰাক্তন পশু চিকিৎসক ডাঃ জগদীশ বৰ্মনৰ উদ্যোগত বৃহত্তৰ নাজিৰাৰ কৃষকসকলক লৈ গঠন কৰা সুন্দৰপুখুৰী দুগ্ধ সমবায় সমিতিয়ে ২৪৫ৰো অধিক দৰিদ্ৰ সীমাৰ ৰেখাৰ তলৰ (BPL) পৰিয়ালৰ জীৱিকাৰ মুখ্য উৎস হিচাপে আত্মপ্ৰকাশ কৰাৰ কথা ঢাক-ঢোল বজাই জাহিৰ কৰিছিল ৷দৈনিক ৪০০ লিটাৰ গাখীৰ উৎপাদন কৰি এই সমিতিখনে গ্ৰাম্য অৰ্থনীতিত বছৰি এক কোটি টকাতকৈ অধিক টকাৰ অৱদান আগবঢ়োৱাৰ কথা অসমৰ পশুপালন বিভাগৰ ৱেবছাইটতো উল্লেখ কৰা হৈছিল৷ “কাৰেং” নামৰ…
শিমলুগুৰি পৌৰসভাৰ অবিবেচক কাণ্ড :ডাম্পিং গ্ৰাউণ্ডত লগোৱা জুইৰ ধোৱাত বিপৰ্য্যস্ত নাজিৰা-শিমলুগুৰিৰ ৰাইজ
নিউজডেক্স,১১ফেব্ৰুৱাৰী,২০২৬: আজি সন্ধিয়া শিমলুগুৰিৰ লুথুৰী গাঁওৰ মাষ্টৰচুকৰ দিখৌ নদীৰ পাৰত থকা শিমলুগুৰি পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডৰ জাবৰত পৌৰসভাই অবিবেচক ভাবে জুই লগাই দিয়াৰ ফলত সমগ্ৰ লুথুৰি গাঁওৰ লগতে নদীখনৰ সীপাৰত থকা নাজিৰা নগৰত ধোঁৱাই ছানি ধৰি জন জীবন বিপৰ্য্যস্ত কৰি তোলে৷ ডাম্পিং গ্ৰাউণ্ডৰ এই প্ৰদূষিত ধোৱাৰ ফলত বহু লোক শ্বাস কষ্টত ভোগাও পৰিলক্ষিত হয়৷ পৌৰসভাৰ এনে অবিবেচক কাৰ্যক সকলোৱে ধিক্কাৰ দিয়াৰ লগতে এই কাণ্ডৰ বাবে দোষী ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে প্ৰশাসনক আহ্বান জনাইছে৷ স্হানীয় লোকৰ ভাষ্য অনুসৰি আজি দিনৰ ২-৩০ বজাত এই ডাম্পিং গ্ৰাউণ্ডৰ চকীদাৰে জাবৰ-জোঁথৰ নিস্কাষণৰ বাবে লগোৱা জুই উমি উমি জ্বলি সন্ধিয়াৰ পৰা সমগ্ৰ অঞ্চলটো ধোঁৱাময় কৰি…
নিউজডেক্স,৫ফেব্ৰুৱাৰী,২০২৬ : ৯৭ নং নাজিৰা বিধান সভা সমষ্টিৰ চকিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটৰ মহিলাসকললৈ অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অভিলাসী আঁচনি “মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি’ৰ অধীনত প্ৰথম পৰ্যায়ৰ ১০০০০ টকাৰ চেক বিতৰণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাবে সম্পন্ন কৰা হয়। এই অনুষ্ঠানত নাজিৰা বিধানসভা সমষ্টিৰ অসম ৰাজ্যিক গ্রামীণ জীৱিকা জীৱিকা অভিযানৰ অধীনৰ ১৪৩ টা গ্রাম্য সংগঠনৰ অন্তৰ্গত ২৩৮৯ টা আত্মসহায়ক গোটৰ ২৩৬৪২ গৰাকী মহিলাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা আচনিৰ পুঁজিৰ চেক লাভ কৰাৰ লগতে নাজিৰা বিধানসভা সমষ্টিৰ অধীনৰ ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্গত ২৪৯৯ গৰাকী মহিলাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা…
নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
নিউজডেক্স,২৮ জানুৱাৰী,২০২৬ : অসমৰ মৎস্য ক্ষেত্ৰ উন্নয়নৰ বাবে মীন বিভাগে বছৰি কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও আজিও ৰাজ্য খনত বহিঃৰাজ্যৰ চালানী মাছেহে ৰাইজৰ চাহিদা পূৰণ কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক কথা! মীন বিভাগে মৎস্য উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনে অগ্ৰগতি লাভ কৰাৰ কথা প্ৰকাশ কৰিলেও ৰাজ্যৰ প্ৰায়বোৰ বজাৰত আজিও থলুৱা মাছৰ অভাৱ পৰিলক্ষিত হোৱা কথাই মীন বিভাগে সদৰি কৰা তথ্যৰ এক বিপৰীত ছবিহে ডাঙি ধৰে ৷ ৰাজ্যৰ অন্যান্য স্থানৰ লগতে নাজিৰাটো মীন বিভাগে বিগত পাঁচ বছৰত মুঠ ২৫০ হেক্টৰ অৰ্থাৎ প্ৰায় ৯৫৫বিঘা ভূমিত ১৪৫৯২.২১ মেট্ৰিক টন অৰ্থাৎ এক কোটি পঞ্চলিশ লাখ বিৰান্নবৈ হাজাৰ দুশ দহ কেজি মাগুৰ,শিঙি,কাৱৈ,ভিয়েটনামী কাৱৈ,ৰূপচন্দা,ক’চ,শিঙৰা,গেদগদী,ৰৌ,বাহু,মিৰিকা,গ্ৰাছ কাপ,চিলভাৰ কাপ আদি মাছ…
নিউজডেক্স,২৬জানুৱাৰী,২০২৬: সমগ্ৰ দেশৰ লগতে আজি নাজিৰা সমজিলাতো দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰামে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পূৰ্বে সমজিলা আয়ুক্তই বীৰ শ্বহীদ সকলক স্মৰণ কৰি নাজিৰা গান্ধী ময়দানত অনুষ্ঠিত শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত কুচ-কাৱাজত অংশগ্ৰহণ কৰা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে। এই কুচ – কাৱাজ কাৰ্যসূচীত নাজিৰা সমজিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। নাজিৰা সমজিলা আৰক্ষী বিষয়া তুশাৰ দেশাইৰ উপস্থিতিত মুখ্য…
প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
নিউজডেক্স,১৬জানুৱাৰী ২০২৬ : বায়ু,পানী আৰু মাটিৰ প্ৰদূষণ ৰোধ বা নিয়ন্ত্ৰণৰ বাবে অসমৰ যিকোনো স্থানত সৰু বৰ বিভিন্ন উদ্যোগ স্থাপনৰ ক্ষেত্ৰত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ক্ষেত্ৰ ভিত্তিক অনুসন্ধানৰ দ্বাৰা কোনো উদ্যোগ স্থাপনৰ সন্মতি(Consent to Establish চমুকৈ CTE) পত্ৰ প্ৰদান কৰাৰ পিছত পুনৰ পৰিদৰ্শন কৰি সংশ্লিষ্ট উদ্যোগটো চলাবৰ বাবে সন্মতি (Consent to Operate চমুকৈ CTO) প্ৰদান কৰে৷ এই চি টি অ’ পোৱাৰ পিছতহে যিকোনো উদ্যোগে নিজৰ ব্যৱসায়িক উৎপাদন আৰম্ভ কৰে৷উল্লেখ্য যে দেশৰ জল(সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) আইন ১৯৭৪ৰ অধীনত গঠিত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ ১৯৮১চনৰ বায়ু(সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ) আইনৰ দ্বাৰাও পৰিচালিত হয়৷ৰাজ্যৰ বায়ু,পানী আৰু শব্দ প্ৰদূষণৰ মান নিৰূপণ আৰু নিয়ন্ত্ৰণৰ বাবে…
নিউজডেক্স,১১ জানুৱাৰী,২০২৬ : ৰাজ্যৰ বিশিষ্ট শিশু সাহিত্যিক ,গীতিকাৰ,কবি ঔপন্যাসিক,চিত্ৰ-নাট্যৰ লেখক পদ্মশ্ৰী এলি আহমেদ যোৱা কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভূগি থকাৰ লগতে আজি অৰ্থাৎ এঘাৰ জানুৱাৰীৰ দিনা চুবুৰীয়া তথা শুভাকাংক্ষী সকলে পুলিচৰ সহযোগত বন্ধ ঘৰৰ ভিতৰৰ পৰা অসুস্থ অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটীৰ ৰহমান হস্পিতালত ভৰ্তি কৰে৷স্বাধীনচেতীয়া সাহসী মহিলা ৰূপে খ্যাত সাহিত্যিক এলি আহমেদৰ অসুস্থতাৰ বাতৰিত ৰাজ্য বাসীৰ লগতে তেখেতৰ পিতৃ গৃহ নাজিৰা বাসীও উদ্বিগ্ন হৈ পৰিছে৷ নাজিৰা বাসীয়ে তেখেতৰ আশু আৰোগ্য কামনা কৰাৰ লগতে ৰাজ্য চৰকাৰক তেখেতৰ স্বাস্থ্য সুৰক্ষাৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায়ছে৷ ডা০ বেজবৰুৱা, বৰুৱাৰ সংসাৰ, সোণমইনা, সাদৰী, বৰদৈচিলা, যখিনী আদি জনপ্ৰিয় ছবিৰ বহু জনপ্ৰিয় গীতৰ…
নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
নিউজডেক্স,৯ জানুৱাৰী, ২০২৬: প্ৰাক-প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈ “সকলোৰ বাবে গুণগত শিক্ষা” নিশ্চিত কৰাৰ লক্ষ্যৰে ২০১৮ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰৱৰ্তন কৰা হয় সমগ্ৰ শিক্ষা আঁচনি ৷ শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে এই আঁচনিয়ে আগৰ তিনিখন আঁচনি যেনে —সৰ্ব শিক্ষা অভিযান (SSA) – প্ৰাথমিক শিক্ষা,ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান (RMSA) – মাধ্যমিক শিক্ষা আৰু শিক্ষক গুণগত উন্নয়ন আঁচনি (TE)ক একত্ৰিত কৰিছে৷ সকলো শিশুকে গুণগত শিক্ষা প্ৰদানৰ লগতে বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা বৃদ্ধি আৰু ড্ৰপআউটৰ হ্ৰাস কৰা, দিব্যাংগ, অনুসূচিত জাতি/জনজাতি আৰু সংখ্যালঘু ছাত্ৰছাত্ৰীৰ মাজত শিক্ষাৰ সমতা স্থাপন, শিক্ষকসকলৰ প্ৰশিক্ষণ আৰু দক্ষতা বৃদ্ধি কৰা আৰু বিদ্যালয়ৰ পৰিকাঠামো উন্নত কৰাৰ উদ্দেশ্যৰে এই আঁচনিৰ দ্বাৰা নতুন বিদ্যালয়…

