নিউজডেক্স,১৪ফেব্ৰুৱাৰী,২০২৬: চলিত ২০২৬ বৰ্ষত পবিত্ৰ মক্কা শ্বৰীফলৈ তীৰ্থ যাত্ৰা কৰিব বিচৰা শিৱসাগৰ জিলাৰ ৭৪ গৰাকী হজযাত্ৰীক জিলা হজ কমিটিৰ উদ্যোগত আজি শিৱসাগৰ নগৰৰ আৰবান মডেল হস্পিতালত ভেকচিন প্ৰদান কৰা হয়৷ জিলাখনৰ ৬৫ বছৰৰ ওপৰৰ ৭ গৰাকী বয়োজ্যেষ্ঠ হজযাত্ৰীক মেনিনজাইটিছ আৰু ইনফ্লুৱেঞ্জাৰ টীকা প্ৰদানৰ লগতে আন সকলক কেৱল মেনিনজাইটিছ টীকা প্ৰদান কৰা হয় যদিও এই ৬৭ গৰাকী হজযাত্ৰীয়ে ইচ্ছা কৰিলে নিজাববীয়াকৈ ইনফ্লুৱেঞ্জাৰ ভেকচিন লব পাৰিব বুলি জিলা হজ কমিটিয়ে জনাইছে৷ জিলা হজ কমিটিৰ বিষয় ববীয়াৰ উপস্থিতিত ডাক্তৰ চালমা চুলতানা আৰুডাক্তৰ আমিনুৰ ৰহমানৰ তত্ত্বাৱধানত পৰিচালিত হোৱা এই টীকা প্ৰদান কাৰ্যসূচীৰ প্ৰাৰম্ভণিতে চৰকাৰী নিৰ্দেশনা মৰ্মে হজযাত্ৰী সকলৰ যকৃত কাৰ্যকৰী পৰীক্ষণৰ ৰিপৰ্টো চিকিৎসকদ্বয়ে পৰীক্ষা কৰে৷ টীকাকৰণৰ পূৰ্বে হজযাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত দুই এক হজযাত্ৰীৰ মনত খুদুৱনিৰ সৃষ্টি হৈছিল যদিও সামূহিক প্ৰচেষ্টাত শিৱসাগৰত এই টীকাকৰণ অনুষ্ঠানৰ সফল পৰিসমাপ্তি ঘটে৷ এই কাৰ্যসূচীতে হজযাত্ৰী সকলক জ্বৰ,কাহ,চৰ্দি,পাইখানা,গেছ আদি ৰোগৰ একোটাকৈ ওষধৰ টোপোলাও বিনামূলীয়াকৈ প্ৰদান কৰা হয়৷
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

