নিউজডেক্স, ২৪ জুন, ২০২৪: আজি শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে নাজিৰাৰ আৱৰ্ত ভৱনত ৰিজাৰ্ভাৰসহ পানী পৰিশোধন প্ৰকল্প উদ্বোধন কৰে।উদ্বোধন অনুষ্ঠানৰ পিচত সংশ্লিষ্ট বিভাগৰ বিষয়া সকলৰ সৈতে হোৱা এক বৈঠকত তেখেতে আৱৰ্ত ভৱনৰ আন্তঃগাঁথনি আৰু পুনৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়।
তেখেতে কয় যে নাজিৰাৰ আৱৰ্ত ভৱনৰ মেৰামতিৰ লগতে আন্তঃগাঁথনিৰ উন্নয়নৰ প্ৰয়োজন হৈ আছিল। এই ক্ষেত্ৰত তেওঁ নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে ক্ষীপ্রতাৰে লোৱা পদক্ষেপৰ শলাগ লয়।
বৈঠকৰ অন্তত তেওঁ আৱৰ্ত ভৱনৰ পুনৰ নিৰ্মাণৰ কামৰ লগত জড়িত সকলো বিষয়া কৰ্মচাৰীৰ সহায় সহযোগিতা কামনা কৰি নিজৰ দায়িত্ব সমূহ নিয়াৰিকৈ সম্পন্ন কৰিবলৈ আহ্বান জনায়। এই উদ্ধোধনী অনুষ্ঠানত নাজিৰা নিৰ্বাচনী বিষয়া, নাজিৰাৰ সহকাৰী আয়ুক্ত সকল, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া, মহকুমা কোষাগাৰ বিষয়া, লোক নিৰ্মাণ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকলৰ লগতে নাজিৰা মহকুমা প্ৰশাসনৰ কৰ্মচাৰী সকল উপস্থিত থাকে ।

