নিউজডেক্স,২৪ জুন,২০২৪ :জিম্বাবুৱেত অনুষ্ঠিতব্য টি-২০ৰ বাবে বিচিচিআয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দল ৷আইপিএলত ভাল প্ৰদৰ্শন কৰা কেইবাগৰাকীও খেলুৱৈয়ে এইবাৰ স্থান লাভ কৰিলে জিম্বাবৱে ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দলত।
জিম্বাবুৱেৰ টি-২০ৰ বাবে ভাৰতৰ দলত অধিনায়ক ৰূপে শুভমন গিলৰ নাম ঘোষণাৰ সময়তে ৰিয়ান পৰাগৰ নামো ঘোষণা কৰে বিচিচিআইয়ে৷
বিচিচিআইয়ে গ্ৰহণ কৰা এক উল্লেখযোগ্য পদক্ষেপত অহা জুলাই মাহত পাঁচখন মেচৰ শৃংখলাৰ বাবে ভাৰতে জিম্বাবুৱে ভ্ৰমণ কৰাৰ সময়ত শ্বুবমান গিলক টি-২০ৰ নতুন অধিনায়কত্বৰ দায়িত্ব দিয়াৰ
লগতে অভিষেক শৰ্মা, ৰিয়ান পৰাগ, আৰু আই পি এল ২০২৪ত আকৰ্ষণীয় খেল খেলা তুষাৰ দেশপাণ্ডেকো দলত অন্তৰ্ভুক্ত কৰিছে
লগতে অভিষেক শৰ্মা, ৰিয়ান পৰাগ, আৰু আই পি এল ২০২৪ত আকৰ্ষণীয় খেল খেলা তুষাৰ দেশপাণ্ডেকো দলত অন্তৰ্ভুক্ত কৰিছে বিচিচিআইয়ে ৷ আই পি এল ২০২৪ৰ অসাধাৰণ খেলৰ অন্তত বছৰৰ উদীয়মান খেলুৱৈৰ সন্মান লাভ কৰা নীতিশ ৰেড্ডীকো দলত ৰখা হৈছে৷
দলটো হ’ল :—শুবমান গিল (অধিনায়ক), যশস্বী জয়ছোৱাল, ৰুতুৰাজ গাইকৱাদ, অভিষেক শৰ্মা, ৰিংকু সিং, সঞ্জু চেমচন (ডব্লিউ কে), ধ্ৰুৱ জুৰেল (ডব্লিউ কে), নীতিশ ৰেড্ডী, ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, আৱেশ খান, খলিল আহমেদ, মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে।ভাৰতীয় ক্ৰিকেট দলত অসম সন্তান ৰিয়ান পৰাগে স্থান লাভ কৰাৰ বাতৰিয়ে ৰাজ্যবাসীক আনন্দিত কৰি তোলাৰ লগতে ৰাজ্যৰ ক্ৰিকেট ইতিহাসৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত এই শুভ সংবাদে ৰাজ্যৰ সমগ্ৰ ক্ৰীড়া ক্ষেত্ৰখনকে উৎসাহিত কৰিছে।

