নিউজডেক্স,২৫ নৱেম্বৰ,২০২৪ : যোৱা ২৪ নৱেম্বৰত অতীজৰ স্বাধীন অসমৰ প্ৰাচীন ৰাজধানী গড়গাঁৱৰ সিংহদুৱাৰত অসম সন্মিলিত মহাসংঘৰ উদ্যোগত শৰাইঘাটৰ মহাৰণৰ ৩৫৩ বছৰ পূৰ্ণ হোৱা উপলক্ষে বিশেষ অভিবাদন অনুষ্ঠান আৰু সোঁৱৰণী সভা অনুষ্ঠিত হয় । মণিপুৰী সাহিত্য পৰিষদৰ শিৱসাগৰ জিলাৰ সভাপতি প্ৰসন্ন সিংহই সভাপতিত্ব কৰা সোঁৱৰণী সভাৰ আঁত ধৰে আহ্বায়ক কেশৱানন্দ বৰুৱাই । মুখ্য বক্তা ৰূপে দিয়া ভাষণত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে মহাবীৰ লাচিত বৰফুকনৰ নেতৃত্বত খিলঞ্জীয়া জনগোষ্ঠী সমূহে কেনেদৰে ঐক্যবদ্ধ ভাবে আক্ৰমণকাৰী ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজি নিজৰ স্বাধীনতা অক্ষুন্ন ৰখাৰ কথা তথ্য সহ ব্যাখ্যা কৰে ।আক্ৰমণকাৰী ভাৰতৰ সেনাধ্যক্ষ ৰাজা ৰামসিংহই নিজৰ সেনা বাহিনীক তেতিয়াৰ অসমৰ যাদু-মন্ত্ৰৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ শিখ ধৰ্মৰ গুৰু টেগ বাহাদুৰ আৰু পাঁচ গৰাকী পীৰক লগত লৈ অহাৰ কথা উল্লেখ কৰি আজি অসমীয়া তথা খিলঞ্জীয়া জনগোষ্ঠী সমূহ বিভাজিত হৈ ক্ষুদ্ৰ স্বাৰ্থৰ পিছত দৌৰি ফুৰা বাবেই শতৰুৱে লাই পাইছে আৰু শাসন ক্ষমতাৰ পৰা বঞ্চিত হৈছে বুলি ৰহমানে অতি ক্ষোভেৰে কয় ।বিশিষ্ট অতিথি হিচাপে টাই সাহিত্য সভাৰ সভাপতি ডাক্তৰ হেমন্ত গগৈয়ে খিলঞ্জীয়া জনগোষ্ঠী সমূহ পুনৰ সাহসেৰে ঐক্যবদ্ধ হ’লেহে অসমীয়া জাতিৰ সকলো শত্ৰু পৰাভূত হ’ব আৰু শাসন ক্ষমতা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি মহাসংঘক সকলো ধৰণে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । মণিপুৰী সাহিত্য পৰিষদৰ শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি কিৰণ সিংহই মহাসংঘৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কৰা সংগ্ৰামৰ কথা খিলঞ্জীয়া জনগোষ্ঠী সমূহে বুজি নোপোৱাটো অতি দুৰ্ভাগ্যজনক কথা বুলি কয় । সকলো খিলঞ্জীয়াই মহাসংঘক সক্ৰিয় ভাবে সহায় কৰিলে খিলঞ্জীয়াৰ ক্ষমতা পুনৰ প্ৰতিষ্ঠা হোৱাটো নিশ্চিত বুলি তেওঁ দৃঢ়তাৰে কয় । সভাত বিশিষ্ট সাংবাদিক মনোজ বৰঠাকুৰ, সমাজকৰ্মী শ্ৰীমন্ত দত্ত, সমাজকৰ্মী অনন্ত বৰুৱা আদিয়ে মহাসংঘৰ এনে প্ৰচেষ্টাৰ শলাগ লয় ।
পুৱা মহাসংঘৰ পতাকা উত্তোলন কৰে মতিউৰ ৰহমানে, এটি প্ৰতীকি টোপধ্বনিৰে হেমন্ত গগৈয়ে শৰাইঘাটৰ মহাৰণৰ প্ৰধান সেনাপতি মহাবীৰ লাচিত বৰফুকন, সহ-সেনাপতি বাঘ হাজৰিকা প্ৰমুখ্যে সেই ৰণত প্ৰাণাহুতি দিয়া বীৰ সেনানীলৈ বিশেষ অভিবাদন জানোৱা অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ অসম আক্ৰমণকাৰী পক্ষ ভাৰত সম্ৰাট ঔৰংজেৱৰ ফটো সহ আক্ৰমণকাৰী ৰজা-বীৰ আদিৰ নাম সহ প্ৰতীক পট আৰু প্ৰতিৰোধকাৰী পক্ষৰ প্ৰধান সেনাপতি মহাবীৰ লাচিত বৰফুকন, সহ সেনাপতি বাঘ হাজৰিকা প্ৰমুখ্যে সকলো সহায়কাৰী ৰজা আৰু বীৰৰ নাম সহ প্ৰতীক পট উন্মোচন কৰে কিৰণ সিংহই ।