নিউজডেক্স,২৪ ফেব্ৰুৱাৰী,২০২৫ :নাজিৰা চানবছা গাঁৱৰ নিৱাসী কৃষক বীৰেন কোঁৱৰ আৰু গৃহিণী অনিমা কোঁৱৰৰ কনিষ্ঠ পুত্ৰ বাস্তৱ জ্যোতি কোঁৱৰে সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ অন্তৰ্গত শিশু উন্নয়ন প্ৰকল্প বিষয়া পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত উত্তীর্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নাজিৰা আঞ্চলিক সমিতিৰ টকৌআলিস্থিত কাৰ্যালয়ত বাস্তৱ জ্যোতি কোঁৱৰক পৰিষদৰ নাজিৰা আঞ্চলিক সমিতিৰ লগতে নাজিৰাৰ এৰিজন কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্র আৰু প্ৰণাম ক্ৰচিং চেণ্টাৰৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়। ইয়াৰ পিছতে বাস্তৱ জ্যোতি কোঁৱৰে অনুষ্ঠানত উপস্থিত থকা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতি আৰু নাজিৰা মহাবিদ্যালয় গোটৰ বিষয়ববীয়াসকল, এৰিজন কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্র আৰু প্ৰণাম ক্ৰচিং চেণ্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত-বিনিময় কৰে।বাস্তৱ জ্যোতি কোঁৱৰে সকলোকে উদ্দেশ্যি কয় যে, সকলো কামতে আমি একাগ্র চিত্তে লাগি যিকোনো কামক ভাল পাবলৈ চেষ্টা কৰিলেহে আমি সফল হ’ব পাৰিম। অভিনন্দন অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ উপদেষ্টা দেবজিৎ গগৈ, সাংগঠনিক সম্পাদক ভাস্কৰজ্যোতি মহন্ত, নাজিৰা আঞ্চলিক সমিতিৰ উপ-সভাপতি নিপু বৰগোঁহাই,সাধাৰণ সম্পাদক বিপ্লৱ গগৈ, নাজিৰা কলেজ গোটৰ উপদেষ্টা বিকাশ হাজৰিকা,সভাপতি আফিছা ৰহমান,উপ সভাপতি ৰঞ্জনা দত্ত, সাধাৰণ সম্পাদক অভিজিৎ কোঁৱৰ, কাৰ্যনিৰ্বাহক সদস্য ৰিচা ঢেকিয়াল ফুকন, ৰূপচানা বেগম,এৰিজন কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্র সঞ্চালক মিন্টু বৰুৱা, প্ৰণাম ক্ৰচিং চেণ্টাৰৰ পৰিচালক অভিজিৎ বৰুৱাৰ লগতে বহু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

