
নিউজডেক্স,৩০ এপ্ৰিল,২০২৫ : ভাৰতে আগন্তুক লোকপিয়লত জাতিগত জনগণনাক অন্তৰ্ভুক্ত কৰিবলৈ সাজু হৈছে, যিটো প্ৰথা স্বাধীনতাৰ পিছত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাহিৰে আন লোকৰ বাবে বন্ধ কৰা হৈছিল। ৰাজনৈতিক আৰু সামাজিক দাবীৰ দ্বাৰা পৰিচালিত এই সিদ্ধান্তৰ লক্ষ্য হৈছে জাতিভিত্তিক আৰ্থ-সামাজিক বৈষম্যৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰা। আনহাতে বহুলোকে আশংকা কৰিছে যে এনে ব্যৱস্থাই জন বিভাজনক শক্তিশালী কৰিব পাৰে। ১৮৮১ চনৰ পৰা ১৯৩১ চনলৈকে ব্ৰিটিছ শাসনকালত জাতি গণনা লোকপিয়লৰ নিয়মীয়া বৈশিষ্ট্য আছিল।কিন্তু ১৯৫১ চনত স্বাধীন ভাৰতৰ প্ৰথম লোকপিয়লৰ লগে লগে অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST)ৰ বাহিৰে আন লোকৰ বাবে চৰকাৰে এই প্ৰথা বন্ধ কৰি দিছিল৷ছয় দশকৰো অধিক সময়ৰ পাছত ক্ৰমাৎ ৰাজনৈতিক আৰু সামাজিক দাবীৰ পৰিপেক্ষিতত এতিয়া চৰকাৰে দেশৰ আগন্তুক লোকপিয়লত জাতি গণনাক অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে।
জাতি লোকপিয়লত ৰাষ্ট্ৰীয় লোকপিয়লৰ সময়ত ব্যক্তিৰ জাতিগত পৰিচয় পদ্ধতিগতভাৱে লিপিবদ্ধ কৰা হয়। ভাৰতত জাতিয়ে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক জীৱনক প্ৰভাৱিত কৰে আৰু এনে তথ্যই বিভিন্ন জাতি তথা গোটৰ আৰ্থ-সামাজিক অৱস্থাৰ সন্দৰ্ভত মূল্যৱান বৰঙনি আগবঢ়াব পাৰে। এই তথ্যই সঁহাৰিমূলক কাৰ্য্য আৰু সামাজিক ন্যায়ৰ সৈতে জড়িত নীতি গ্ৰহণ কৰাটো সহায় কৰিব পাৰে।ভাৰতৰ লোকপিয়লত ধৰ্ম, ভাষা, জনসংখ্যা, অঞ্চল আদি কেইবাটাও কাৰকৰ তথ্য সংগ্ৰহ কৰা হয়।কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে (৩০ এপ্ৰিল) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠিত ৰাজনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে গ্ৰহণ কৰা এই সিদ্ধান্তৰ কথা ঘোষণা কৰে।ভাৰতত দশক দশক ধৰি জাতিগত লোকপিয়ল এক চৰ্চিত বিষয় হৈ আহিছে। ২০২৩ চনত বিহাৰে জাতিগত সমীক্ষা প্ৰকাশ কৰাৰ পিছৰে পৰা জাতিভিত্তিক তথ্যক লৈ কংগ্ৰেছকে ধৰি আন বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ছাপ বৃদ্ধি কৰিছিল।কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে আগন্তুক জনসংখ্যা পিয়লত জাতি গণনাত অনুমোদন জনাইছে ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ কেবিনেট কমিটীয়ে। জাতিগত গণনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৈষ্ণৱে লগতে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজনৈতিক পৰিক্ৰমা মন্ত্ৰীসভা সমিতিয়ে আজি অৰ্থাৎ ২০২৫ চনৰ ৩০ এপ্ৰিল তাৰিখে সিদ্ধান্ত লৈছে যে আগন্তুক লোকপিয়লত জাতি গণনা অন্তৰ্ভুক্ত কৰা উচিত।ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে এখন চৰকাৰ এখন সমাজ আৰু দেশৰ মূল্যবোধ আৰু স্বাৰ্থৰ প্ৰতি দায়বদ্ধ।”

