
নিউজডেক্স,১জুন,২০২৫ :নাজিৰা গ্ৰাম্য আৰু শিমলুগুৰি -নাজিৰা পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ দ্বাৰা অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈক নাজিৰাত উষ্ম আদৰণি জনোৱা হয়। সভাপতিৰ দ্বায়িত্ব গ্ৰহণ কৰিয়েই ৩১মে’ৰ নিশা প্ৰায় দহ বজাত নাজিৰা নগৰত উপস্থিত হৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ সমাধিস্থলত চাকি-বন্তি জ্বলাই আশীৰ্বাদ গ্ৰহণকৰাৰ লগতে লোকসভাৰ বিৰোধী দলৰ উপ- দলপতি তথা প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে খিলঞ্জীয়াৰ হাতত বন্দুক তুলি দিবলৈ বিচৰা বিষয়ক লৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰে।গৌৰৱ গগৈক আদৰণি জনোৱাৰ উদ্দেশ্যে নাজিৰা নাট্য মন্দিৰৰ প্ৰাংগণত আয়োজিত এক সভাত আগন্তুক ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছ দল অধিক শক্তিশালী ৰূপত নিৰ্বাচনত অৱৰ্তীণ হ’ব বুলি তেওঁ ৰাইজক অৱগত কৰে। উক্ত সভাত বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া,কাৰ্যকৰী সভানেত্ৰী ৰ’জলীনা তিৰ্কী, তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাকে ধৰি বহু কংগ্ৰেছ নেতা কৰ্মী উপস্থিত থাকে ৷

