নিউজডেক্স,১৪ জুন,২০২৫ :নতুন শিক্ষানীতি আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দ্দেশনাৱলীৰ অধীনত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম( FYUGP) আৰু পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম (FYIPGP) ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধিৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয় সমূহত ইণ্টাৰশ্বিপ প্ৰযোজ্য কৰিছে। এই ক্ষেত্রত সকলোৰে সুবিধা হোৱাকৈ “Guidelines for Internship and Community Engagement FYUGP/FYIPGP Students Dibrugarh University, ” শীৰ্ষক এক নিৰ্দেশিকাও ২০২৫ বৰ্ষৰ বাবে প্ৰকাশ কৰি ওলিয়াইছে। এই নিয়মাৱলীত ৫ নং পৃষ্ঠাত ছাত্ৰ-ছাত্ৰীসকলে কোন কোন ঠাইত এই ইণ্টাৰশ্বিপ কৰিব পাৰিব সেইয়া স্পষ্টকৈ উল্লেখ কৰিছে।তাৰ পৰিপ্ৰেক্ষিততে নাজিৰা মহাবিদ্যালয় কৰ্তৃপক্ষই এটা প্ৰতিষ্ঠানত ১৫০০/টকা মাচুলৰ বিনিময়ত এই ইণ্টাৰশ্বিপ কৰিবলৈ ছাত্র-ছাত্ৰীসকলক বাধ্য কৰোৱাতো ৰহস্যৰ বিষয় হৈ পৰিছে!সাধাৰণতে দৰিদ্ৰ পৰিয়ালৰ ছাত্র-ছাত্ৰীয়েই যিকোনো চৰকাৰী মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ আহে৷ নাজিৰা মহাবিদ্যালয়তো শিক্ষা গ্ৰহণ কৰা বহু ছাত্ৰ-ছাত্ৰীৰ ঘৰৰ আৰ্থিক অৱস্থা শোচনীয়।গতিকে এই ইণ্টাৰশ্বিপৰ কৰাৰ বিনিময়ত মহাবিদ্যালয়ত ১৫০০ টকাকৈ মাচুল দিয়াতো সকলো শিক্ষাৰ্থীৰ বাবে সম্ভৱ নহয়।যিহেতু নিয়মাৱলীত কোনো এটা বিশেষ প্ৰতিষ্ঠানতে ইণ্টাৰশ্বিপ কৰিব লাগিব বুলিও কোনো উল্লেখ নাই, কিন্তু নাজিৰা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই এইক্ষেত্ৰত প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীক ভৱিষ্যতে শিক্ষাৰ ক্ষেত্ৰত বেমেজালী হোৱাৰ ভয় খোৱাই ১৫০০ টকাকৈ মাচুল দিবলৈ বাধ্য কৰা কাৰ্যই নাজিৰা সচেতন মহলক চিন্তিত কৰি তুলিছে।মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক এনেদৰে লুণ্ঠন কৰা কাৰ্যৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ বহু প্ৰাক্তন ছাত্ৰয়ো খেদ ব্যক্ত কৰিছে ৷ আনহাতে আজি বহু ছাত্ৰছাত্ৰী ভীতিগ্ৰস্থ হৈ ইণ্টাৰশ্বিপৰ বাবে মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হোৱা “এমট্ৰণ” নামৰ প্ৰতিষ্ঠানটোৰ বিষয় ববীয়াৰ ওচৰত নামভৰ্তিৰ বাবে ১৫০০ টকাকৈ মাচুল প্ৰদান কৰে যদিও আন বহু ছাত্ৰছাত্ৰীয়ে এই মাচুলৰ পৰিমাণ হ্ৰাস কৰিবৰ বাবে “এমট্ৰণ” ৰ বিষয়ববীয়াক অনুৰোধ জনোৱাত তেওঁলোকে এই সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষৰ যোগেদি এমট্ৰণ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাৰ পৰামৰ্শ দিয়াৰ লগতে দুটা কিষ্টিত এই ধন পৰিশোধ কৰি অহা ১৯ জুনৰ ভিতৰত সকলো ছাত্ৰছাত্ৰীয়ে নামভৰ্তি কৰিব লাগিব বুলি কয়৷ আনহাতে ছাত্ৰ ছাত্ৰীৰ পৰা ১৫০০ টকাকৈ মাচুল সংগ্ৰহ কৰিও এমট্ৰণৰ বিষয় ববীয়াই কোনো ৰছিদ প্ৰদান নকৰা কাৰ্যই সমগ্ৰ বিষয়টো ৰহস্যময় কৰি তুলিছে৷
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ


