নিউজডেক্স,১০জুলাই,২০২৫ :নাজিৰা নগৰত এটা পাব্লিক টয়লেট নোহোৱাৰ বাবে ভূক্তভোগীৰ সমস্যা কিমান ইয়াক উপলব্ধি কৰিবলৈ যেন কাৰোৰে আহৰি নাই । বিকল্প চিন্তা অবিহনে বহুবছৰৰ আগতে নগৰখনৰ ৫ নং ৱাৰ্ডৰ টকৌ আলি আৰু ধোদৰ আলি সংযোগী পথ তথা নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ চৌহদৰ কাষত থকা ৰাজহুৱা প্ৰস্ৰাৱগাৰটো কৰ্তৃপক্ষই ভাঙি পেলোৱাৰ পিছত বৰ্তমান নগৰখনত এটাও ৰাজহুৱা প্ৰস্ৰাৱাগাৰ নাই । উল্লেখিত ৰাজহুৱা প্ৰস্ৰাৱগাৰটোৰ জৰাজীৰ্ণ অৱস্থাৰ উন্নতি কল্পে ৰাইজে প্ৰশাসনক শীঘ্ৰেই আধুনিক প্ৰস্ৰাৱগাৰলৈ উন্নীত কৰিবৰ বাবে বাৰম্বাৰ অনুৰোধ জনাইছিল আৰু কৰ্তৃপক্ষই পুৰণাটো ভাঙি নতুনকৈ এটা আধুনিক প্ৰস্ৰাৱগাৰ নিৰ্মাণৰ বাবে পদক্ষেপ ল’ব বুলি প্ৰতিশ্ৰুতি দি তাৎক্ষণিকভাৱে পুৰণাটো ভাঙি পেলাইছিল যদিও আজিও ৰাইজৰ সুবিধা হোৱাকৈ নতুনকৈ প্ৰস্ৰাৱগাৰ নিৰ্মাণ নোহোৱাত এই পৰ্য্যন্ত নাজিৰা নগৰখন ৰাজহুৱা প্ৰস্ৰাৱগাৰ শূণ্য হৈ পৰা পৰিলক্ষিত হৈছে । ফলত নগৰখনলৈ বিভিন্ন কামত অহা যোৱা কৰা লোক সকল বহু অসুবিধাৰ সন্মুখীন
হৈ আহিছে৷ এনেদৰে ৰাইজক যমৰ যাতনা ভূগিবলৈ ঠেলি দি নাজিৰা পৌৰসভাই কেনেদৰে নাগৰিকৰ সমস্যা দূৰ কৰিছে সেয়া এক অবোধ্য সাথঁৰ৷ আনহাতে নগৰ খনৰ মৌলিক প্ৰয়োজন পূৰণৰ দিশত নাজিৰাত মহকুমা প্ৰশাসনেও কোনো তৎপৰতা প্ৰদৰ্শন নকৰি মানৱ দেহৰ প্ৰাকৃতিক আহ্বানৰ দিশটোক অৱজ্ঞা কৰি নগৰখনৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰ বিহীন পৰিস্থিতিৰ দ্বাৰা উন্নয়নৰ ফোপোলা স্বৰূপকেই যেন প্ৰস্ফুটিত কৰিছে৷ নিতৌ বহু মহিলা, ৰোগী, ব্যৱসায় বাণিজ্যত নিয়োজিত ব্যক্তি নগৰলৈ অহাৰ সময়ত প্ৰাকৃতিক প্ৰয়োজনত আতুৰ হৈ প্ৰায়েই লজ্জা পৰিহাৰ কৰি বাটে-পথে প্ৰস্ৰাৱ কৰিবলৈ বাধ্য হোৱাটো নাজিৰা নগৰৰ সহজাত দৃশ্য হৈ পৰিছে । তদুপৰি নগৰখনত থকা প্ৰেট্ৰল পাম্প আৰু হোটেল সমূহতো সুষম প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা নথকাত তথা সাধাৰণ ৰাইজক এই প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰিব নিদিয়াৰ গুৰুতৰ অভিযোগ উণ্থাপিত হৈ আহিছে আৰু এইক্ষত্ৰতো প্ৰশাসনে চকু মুদা কুলিৰ ভাও ধৰাহে পৰিলক্ষিত হয় ৷আনহাতে ২০২২-২০২৩ বৰ্ষত প্ৰায় সাত লাখ টকা ব্যয়েৰে নাজিৰা পৌৰসভাই নাজিৰা থানা চৌহদত এটা ৰাজহুৱা প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰে যদিও ইয়াৰ দ্বাৰা প্ৰকৃত উদ্দেশ্য সিদ্ধি হোৱাৰ সম্ভাবনা অতি ক্ষীণ৷ কাৰণ ৰাইজে সাধাৰণতে থানালৈ যাবলৈ সংকোচবোধ কৰে গতিকে প্ৰস্ৰাবগাৰ ব্যৱহাৰৰ বাবে ৰাইজ থানালৈ যোৱাটো হাস্যকৰ কথা আৰু নাজিৰাৰ থানাখন নগৰৰ এমূৰত অৱস্থিত হোৱাৰ লগতে উক্ত স্থানত জন সমাগমো অন্য স্থানৰ তুলনাত কম৷এই সন্দৰ্ভত আমি পৌৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত তেওঁলোকে স্থানৰ অভাবৰ বাবেই নাজিৰা থানাত ৰাজহুৱা প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰিবলগীয়া হ’ল বুলি কোৱাৰ লগতে নগৰখনৰ মাজ মজিয়াত সুচল স্থান পালে পৌৰসভা ৰাজহুৱা প্ৰস্ৰাৱগাৰ নিৰ্মাণৰ বাবে এতিয়াও প্ৰস্তুত বুলি কয়৷ এইদৰে চৰকাৰী ধনৰ অপব্যয় কৰি নাজিৰা থানাত ৰাজহুৱা প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰাতকৈ নাজিৰা নগৰৰ সোঁমাজতে থকা অসম পৰিবহন নিগম আস্থানৰ চৌহদতে পৌৰসভাই এটা অত্যাধুনিক ৰাজহুৱা প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰা হ’লে নগৰখনলৈ বিভিন্ন কামত অহা ৰাইজ উপকৃত হ’লহেঁতেন বুলি বহু সচেতন লোকে মত প্ৰকাশ কৰিছে৷

