

নিউজডেক্স,১৫জুলাই,২০২৫:উজনি অসমৰ নগালেণ্ডৰ মন জিলা আৰু অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ সৈতে সংলগ্ন চৰাইদেউ জিলাত আৰক্ষী আৰু আসাম ৰাইফালছে তীব্ৰতৰ কৰি তুলিছে আলফা বিৰোধী অভিযান। বিগত দুদিনত নিৰাপত্তা বাহিনীৰ যুটীয়া অভিযানকাৰী দলে অসমৰ বিভিন্ন ঠাইৰ লগতে নগালেণ্ডৰ মন জিলাৰ পৰা আলফা (স্বাধীন)ৰ সৈতে পৰোক্ষ বা প্ৰত্যক্ষ যোগাযোগ ৰক্ষা কৰি সংগঠনটোৰ লিংকমেন হিচাপে কাম কৰি থকা দহ জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে চৰাইদেউ জিলাৰ উপ আৰক্ষী অধীক্ষক গজানন্দ শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।নিৰাপত্তা বাহিনীৰ দলে গ্ৰেপ্তাৰ কৰা আলফাৰ লিংকমেন কেইজন হৈছে ক্ৰমে কামৰূপ জিলাৰ পাণ্ডুৰ অসীম অধিকাৰী, ওদালগুৰি জিলাৰ হাৰিছিঙাৰ বলেন ডেকা, একে অঞ্চলৰ ধ্ৰুৱজ্যোতি বৈশ্য, দৰং জিলাৰ নাপ্তাপাৰাৰ ধৰ্মেন্দ্ৰ ডেকা, সোণাৰি চেনিগুদাম অঞ্চলৰ চিৰাজুদ্দিন আলি আৰু ইমৰান আলি, সোণাৰি ভৱানীপুৰ অঞ্চলৰ সুৰজিত দে, সোণাৰি বৰাহী কছাৰী গাঁওৰ সংকু দাস আৰু নগালেণ্ডৰ মন জিলাৰ নাগিনীমৰা অঞ্চলৰ আহাম কন্যাক। ইয়াকে লৈ বিগত বাৰ দিনত চৰাইদেউ জিলা আৰক্ষীয়ে মুঠ ২২ জন আলফা (স্বাধীন)ৰ লিংকমেনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।
