Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
    • নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
    • নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
    • असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
    • অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
    • নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
    • অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
    • গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » প্ৰশাসনিক দুৰ্বলতাৰ বাবে নাজিৰা চিকিৎসালয়ত আদালতৰ নিৰ্দেশৰ পিছতো অব্যাহত আছে বেদখল
    Assam

    প্ৰশাসনিক দুৰ্বলতাৰ বাবে নাজিৰা চিকিৎসালয়ত আদালতৰ নিৰ্দেশৰ পিছতো অব্যাহত আছে বেদখল

    newshuntneBy newshuntneJuly 22, 2025No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email

    নিউজডেক্স,২২জুলাই ,২০২৫:বৰ্তমান ৰাজ্য চৰকাৰে অবৈধ বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ সময়তে  নাজিৰা চহৰৰ মাজমজিয়াত অৱস্থিত চৰকাৰী চিকিৎসালয়ৰ ভূমি বেদখল কৰি থকা এগৰাকী মহিলাৰ আবেদন  গুৱাহাটী উচ্চন্যায়ালয়ে বহু বছৰৰ আগতে নাকচ কৰাৰ পিছতো প্ৰায় দুই দশকৰ অধিক কাল ধৰি এই বিষয়টোৰ  সুমিমাংসা কৰাত ব্যৰ্থ হৈছে চিকিৎসালয় কৰ্তৃপক্ষ তথা প্ৰশাসন৷উল্লেখ্য যে নাজিৰা নগৰৰ সোঁমাজত থকা এই চৰকাৰী সহাৰ্যপ্ৰাপ্ত ৰাজ্যিক চিকিৎসালয় খনলৈ চিকিৎসাজনিত কাৰণত নগৰখনৰ লগতে উপকণ্ঠীয় অঞ্চলৰ লোকৰ আগমণ ঘটে  আৰু ইয়াক এক পূৰ্ণাংগ স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰিবৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি দাবী উণ্থাপন কৰি আহিছে৷এই চিকিৎসালয়ৰ চৌহদত প্ৰয়োজনীয় ভৱন নিৰ্মাণ কৰি ৰাইজক উন্নত চিকিৎসা সেৱা প্ৰদান কৰিব পৰাৰ থল আছে যদিও চিকিৎসালয় খনৰ ভূমি আনক বেদখল কৰিবলৈ এৰি দিয়া ইয়াৰ পৰিচালনা সমিতি তথা চৰকাৰ এইক্ষত্ৰত ৰহস্যজনক ভাবে নিমাত৷সাধাৰণতে ৰাজনৈতিক দৃষ্টভংগীৰে কাৰোবাক সংস্থাপিত কৰিবৰ  বাবেই কোনো বাদ বিচাৰ নোহোৱাকৈ গঠন কৰা পৰিচালনা সমিতিৰ দুৰ্বলতা তথা নিস্ক্ৰিয়তাৰ বাবেই এই চিকিৎসালয় খনৰ ভূমি আনে বেদখল কৰাৰ সুবিধা পাইছে বুলি ৰাইজে মতপোষণ কৰিছে৷নাজিৰা মৌজাৰ অধীনস্থ জাংগুল বাৰি গ্ৰাণ্টৰ দাগ নং ৫৭১ আৰু প্লট নং ৫১  আৰু ৫২ ৰ দ্বাৰা সামৰি লোৱা ৪ বিঘা,১ কঠা আৰু ১৩ লোচাৰ মাটিত ১৯৪৪ চনত নাজিৰা হাস্পতাল নামেৰে জনাজাত এই স্বাস্থ্য কেন্দ্ৰটো স্থাপন কৰা হৈছিল। পাৰ্বতী কৰ্মকাৰ ৰাভা নামৰ মহিলা গৰাকীয়ে দাবী কৰে যে তেওঁ ৩ কঠা ৬ লোচৰ মাটিৰ এটা প্লটৰ গৰাকী কিন্তু প্ৰকৃততে এই বিবদমান ৩ কথা ৬ লোচা  মাটি হস্পিতালখনৰ মাটিৰে এটা  অংশ৷স্বাস্থ্যকেন্দ্ৰটো  থকা ৪ বিঘা,১ কঠা আৰু ১৩ লোচাৰ এই ভূমিখিনি মূলতঃ অসম কোম্পানীৰ।অসম কোম্পানীয়ে এই মাটিখিনি স্বাস্থ্যকেন্দ্ৰ টোক লিজত দিছিল  আৰু এই কথা অসম কোম্পানী আৰু  অ’ এন জি চিৰ মাজত ৩০/১২/১৯৬৮ তাৰিখে কাৰ্যকৰী কৰা বিক্ৰীৰ চুক্তিটো উল্লেখ কৰা আছে৷পাৰ্বতী কৰ্মকাৰ ৰাভা এই স্বাস্থ্য কেন্দ্ৰৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সুখদেৱ কৰ্মকাৰৰ কন্যা ৷ চিকিৎসালয় খনৰ চকিদাৰ ৰূপে কাম কৰা সুখদেৱক স্বাস্থ্যকেন্দ্ৰটোৰ চৌহদৰ চৰকাৰী কোৱাৰ্টাৰত থাকিবলৈ দিয়া হৈছিল যদিও সুখদেৱে ১৯৯৭ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছত এই কোৱাৰ্টাৰটো খালী কৰা নাছিল। সেই সময়ত অৰ্থাৎ ১৯৯৭ চনৰ পৰা  চিকিৎসালয় খনত কৰ্মৰত চিকিৎসা বিষয়া আৰু পৰিচালনা সমিতিৰ দুৰ্বলতাৰ বাবেই আৰু এনেকৈ গোজেই গজালিত পৰিণত হ’ল৷নব্বৈৰ দশকৰ শেষৰ ফালে পাৰ্বতী কৰ্মকাৰে অসম ভাড়াতীয়া আইনৰ অধীনত শিৱসাগৰৰ সহকাৰী আয়ুক্ত(ADC)ৰ ওচৰত এই  মাটিৰ ৩ কঠা আৰু ৬লোচা জমিৰ মালিকীস্বত্ব প্ৰদানৰ বাবে আবেদন দাখিল কৰিছিল আৰু  সহকাৰী আয়ুক্তই  নাজিৰাৰ ৰাজহ চক্ৰ বিষয়াৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পিছত পাৰ্বতীক সাময়িক পুট্টা প্ৰদান কৰাৰ নিৰ্দেশ দিছিল।অৱশ্যে ২০০০ চনৰ ২৭ জুনত সহকাৰী আয়ুক্তই ১৯৯৯ চনৰ ৭ জানুৱাৰীত দিয়া তেওঁৰ আদেশ পুনৰীক্ষণ কৰি  মানৱীয়তাৰ ভিত্তিত পাৰ্ব তী কৰ্মকাৰক মাত্ৰ ৪ লোচা মাটিৰ বাবেহে সময়িক  পট্টা দিয়াৰ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পিছতে পাৰ্বতী কৰ্মকাৰে অসম ৰাজহ ব’ৰ্ডৰ গুৱাহাটীস্থ আদালতলৈ যায় আৰু সহকাৰী আয়ুক্তৰ  ২৭ জুন২০০০ৰ আদেশক প্ৰত্যাহ্বান জনায় ৷৩ জানুৱাৰী,২০০১ তাৰিখে ৰাজহ আদালতে পাৰ্বতীৰ  আবেদন খাৰিজ কৰি আপীলকাৰীক দেৱানী আদালতৰ কাষ চাপিবলৈ কোৱাৰ লগতে সহকাৰী আয়ুক্তই এনেদৰে পাৰ্বতী কৰ্মকাৰক ভূমি পট্টা প্ৰদান কৰাৰ নিৰ্দেশ দিয়াৰ অধিকাৰ নাই বুলি কয়৷  ইয়াৰ পিছত পাৰ্বতী  কৰ্মকাৰে  বিষয়টো  শিৱসাগৰৰ দেৱানী ন্যায়াধীশ(জ্যেষ্ঠ বিভাগ)ৰ আদালতলৈ লৈ যায়। ২০০১ চনৰ ৩০ মাৰ্চত  আদেশ প্ৰদান কৰি শিৱসাগৰৰ দেৱানী ন্যায়াধীশ জি কে দত্তই পাৰ্বতীৰ আবেদন নাকচ কৰি কয় যে “আবেদনকাৰীয়ে নিষেধাজ্ঞা প্ৰদানৰ বাবে প্ৰাইমা ফেচি গোচৰ ৰুজু কৰাত ব্যৰ্থ হৈছে”।অৱশেষত ,পাৰ্বতীয়ে বিষয়টো সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়লত ৰীট আবেদন দাখিল কৰে যদিও ২০০৩ চনৰ ২০ মে’ত উচ্চ ন্যায়ালয়ৰ  ন্যায়াধীশ পি জি আগৰৱালে পাৰ্বতীৰ ৰিট আবেদন   খাৰিজ কৰে। আনহাতে আদালতৰ স্পষ্ট নিৰ্দেশ আৰু জনসাধাৰণৰ দাবীৰ পিছতো চিকিৎসালয় কৰ্তৃপক্ষই পাৰ্বতী কৰ্মকাৰৰ পৰা চিকিৎসালয়ৰ ভূমি আজিওউদ্ধাৰ কৰিব পৰা নাই। পাৰ্বতী কৰ্মকাৰে বেদখল কৰা চিকিৎসালয়খনৰ উক্ত ভুমি দ’চানেকীয়া হোৱাৰ বাবে পূৰ্বতে স্বাস্থ্যকেন্দ্ৰটোৰ বৰ্জিত পানী সমূহ এই ভূমিতেই জমা হৈছিল৷ কিন্তু বেদখলকাৰীয়ে উক্ত স্থান মাটি ভৰাই ওখ কৰাৰ  ফলশ্ৰুতিত বৰ্তমান এজাক ডাঙৰ বৰষুণ দিলেই চিকিৎসালয় খনৰ চৌহদত কৃত্ৰিম বান পানীৰ সৃষ্টি হৈ  ইয়াৰ সকলো ভৱনেই প্ৰদূষিত পানীত বুৰ গৈ সমগ্ৰ চিকিৎসালয় খনেই অচল হৈ পৰে৷আমি এই বিষয়ত আৰু অধিক তথ্য বিচাৰি চিকিৎসালয় কৰ্তৃপক্ষৰ লগত বাৰম্বাৰ যোগোযোগ কৰাৰ পিছতো তেওঁলোকে আমাক এই বিষয়ে একো নজনোৱাটো অতি দুৰ্ভাগ্যজনক কথা৷কৰ্তৃপক্ষৰ সদিচ্ছাৰ অভাৱ আৰু পৰিচালনা সমিতিৰ দুৰ্বলতাৰ বাবেই চিকিৎসালয়খনৰ বহুমূলীয়া ভূমি এনেদৰে  বেদখলৰ কবলত পৰিছে ,যাৰ বাবে ভবিষ্যতে এই চিকিৎসালয় খন সম্প্ৰসাৰণৰ ক্ষেত্ৰত বহু বাধা সৃষ্টি হোৱাৰ আশঙ্কা আছে৷ নাজিৰাৰ জনসাধাৰণে চিকিৎসালয়খনৰ সামূহিক উন্নতিৰ স্বাৰ্থত  অতি শীঘ্ৰেই এই বেদখল উচ্ছেদ হোৱাটো বিচাৰিছে৷উন্নয়নৰ ফটাঢোল বজাই জাতি-মাটি-ভেটি ৰক্ষাৰ নামত ৰাজ্যৰ বিভিন্ন স্থানত উচ্ছেদ চলাই  থকা চৰকাৰখনে নাজিৰাৰ এই চৰকাৰী চিকিৎসালয়ৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে চেষ্টা কৰিবনে বাৰু?

    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Leave A Reply Cancel Reply

    Top Posts

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Don't Miss

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    By newshuntneMarch 19, 2026

    নিউজডেক্স, ১৯ মাৰ্চ,২০২৬ :: অসমত আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত আগবঢ়াৰ সময়তে এক…

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়

    March 19, 2026

    নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল

    March 18, 2026

    নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ

    March 16, 2026
    Most Popular

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022

    Coronavirus: Nasal vaccines may hold the promise to stop COVID infections. How soon will we get them? | The Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.