
নিউজডেক্স,২৫জুলাই,২০২৫ : চৰাইদেউ জিলাত পানীৰ বাবে হাহাকাৰ কৰিছে কৃষক ৰাইজে ৷অকৰ্মণ্য জলসিঞ্চন বিভাগৰ আঁচনি সমূহ বগা হাতীত পৰিণত হৈছে।মামৰে ধৰিছে জলসিঞ্চনৰ যন্ত্ৰ সহ পাইপত। পানীৰ অভাৱত শাওন মাহতো উদং হৈ পৰিছে কৃষি ভূমি।উপান্ত কৃৰ্ষক বৰষুণৰ অপেক্ষাত ।শ শ বিঘা মাটি ছ’ন পৰাৰ আশংকা।অৱশেষত উপায়ান্তৰ হৈ ৰাইজে লোকবিশ্বাস অনুসৰি বৰষুণ বাবে ভেকুলী বিয়া পাতিলে । আজি এজাক বৰষুণৰ বাবে সাপেখাতী মৌজাৰ পশ্চিম বালিখেতীয়া গাওঁ বাসীয়ে অনুষ্ঠিত কৰে ভেকুলী বিবাহ। তেওঁলোকৰ লোকবিশ্বাস ভেকুলী বিয়া অনুষ্ঠিত কৰিলে, বৰষুণ হয়। সেয়ে সম্পুৰ্ণ ৰীতি নীতি অনুসৰি অনুষ্ঠিত কৰে ভেকুলী বিয়া।

