

নিউজডেক্স,১২আগষ্ট২০২৫: ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি নাজিৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আজি এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আজিৰ এই অনুষ্ঠানটিৰ শুভ উদ্ধোধন কৰে নাজিৰা সমজিলা আয়ুক্ত কল্যাণ জ্যোতি হাজৰিকাই। ৬০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনৰ বিচাৰক তথা কুইজ মাষ্টাৰ হিচাপে উপস্থিত থাকে লিগিৰীপুখুৰী হাইস্কুলৰ সহকাৰী শিক্ষক দেৱজিৎ শৰ্মা , নাজিৰা উপ-কোষাগাৰৰ জ্যেষ্ঠ গাণনিক দিব্যজ্যোতি বৰা আৰু ন – মাটি হাইস্কুলৰ সহকাৰী শিক্ষক দীপাংকৰ শৰ্মাৰ লগতে বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে স্বৰাজ একাডেমীৰ অধ্যক্ষা অসমী গগৈ আৰু নাজিৰাৰ শঙ্কৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য গোপাল বৰুৱা । আনহাতে একেদিনাইস্বাধীনতা দিৱস উপলক্ষে নাজিৰা মহাবিদ্যালয়ত অনুষ্ঠিত হয় শ্ৰুতলিপি আৰু বানান প্ৰতিযোগিতা ৷নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত নাজিৰা মহাবিদ্যালয়ত আগন্তুক স্বাধীনতা দিৱস উপলক্ষে দুটা শাখাত শ্ৰুতলিপি আৰু বানান প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত থাকে নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰশ্মি ৰেখা খাউণ্ড , চকী মুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী যোগদা মহন্ত আৰু জুলি কোঁচৰ লগতে বাউলি মৈদাম হাইস্কুলৰ শিক্ষয়িত্ৰী মিতালী গোস্বামী । এই প্ৰতিযোগিতাখনি সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে স্বৰাজ একাডেমীৰ অধ্যক্ষ অসমী গগৈয়ে। তদুপৰি
৭৯সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি নাজিৰা ৰূহিতেশ্বৰ শইকীয়া ই’ন্দৰ ষ্টেডিয়ামত নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত এক বেডমিন্টন প্ৰতিযোগিতাৰো শুভ উদ্ধোধন কৰা হয়। সমজিলা পৰ্য্যায়ত আয়োজন কৰা এই বেডমিন্টন প্ৰতিযোগিতা খনৰ শুভ উদ্বোধন কৰে সহকাৰী আয়ুক্ত অৰুণাভ সোণোৱালে। এই অনুষ্ঠানত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক গোপাল গগৈ,সভাপতি আব্দুৰ ৰহমান আৰু নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক গজেন্দ্ৰ শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷

