নিউজডেক্স,১৫ আগষ্ট২০২৫: সমগ্ৰ দেশৰ লগতে আজি নাজিৰা সমজিলাতো দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি নাজিৰা সমজিলা আয়ুক্ত কণিকাই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পূৰ্বে সমজিলা আয়ুক্তই দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক স্মৰণ কৰি নাজিৰা গান্ধী ময়দানত অনুষ্ঠিত শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে আয়ুক্ত গৰাকীয়ে কুচ-কাৱাজত অংশগ্ৰহণ কৰা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে। এই কুচ – কাৱাজ কাৰ্যসূচীত নাজিৰাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। নাজিৰা সমজিলা আৰক্ষী বিষয়া তুষাৰ দেশাইৰ উপস্থিতিত মুখ্য অতিথি ৰূপে প্ৰদান কৰা ভাষণত সমজিলা আয়ুক্তই দেশৰ বীৰ শ্বহীদ, মুক্তি-যুঁজাৰু সকলৰ চৰম ত্যাগ আৰু আত্মবলিদানক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে দেশৰ সীমান্ত আৰু আভ্যন্তৰীণ সুৰক্ষাত নিয়োজিত নিৰাপত্তা বাহিনী সমূহৰ সাহস আৰু পৰাক্ৰমকো স্মৰণ কৰে।স্বাধীনতা দিৱস উপলক্ষে আয়োজিত পেৰেডত জৱাহৰ নৱোদয় বিদ্যালয়ৰ এন. চি.চি দলে প্ৰথম, নাজিৰা মহাবিদ্যালয়ৰ এন. চি.চি দলে দ্বিতীয় আৰু নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ এন. চি.চি দলে তৃতীয় স্থান লাভ কৰে। তদুপৰি, স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলকো আজি পুৰস্কৃত কৰা হয়।তদুপৰি, আজিৰ অনুষ্ঠানত নাজিৰা সমজিলাৰ অন্তৰ্গত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা মুঠ ৪৪ গৰাকী ব্যক্তিক সমজিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীত নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, সমজিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকল, কৰ্মচাৰী সকল, আৰক্ষী প্ৰশাসন আৰু বহুসংখ্যকস্থানীয় ৰাইজ উপস্থিত থাকে।আনহাতে স্বাধীনতা দিৱস উপলক্ষে নাজিৰা নগৰত ই-ৰিক্সা চালক সকলে উলিওৱা এক বৃহৎ ই-ৰিক্সা ৰেলীত কেইবাশতাধিক ই-ৰিক্সা চালকে অংশগ্ৰহণ কৰে৷![]()
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

