

নিউজডেক্স, ২০আগষ্ট,২০২৫: বিগত বহু দিনৰ পৰা নাজিৰাৰ বিভিন্ন স্থানত অব্যাহত আছে দিখৌ নৈৰ গৰাখহনীয়া। কাণসাৰ নাই ৰাজ্যৰ জলসম্পদ বিভাগৰ।
নাজিৰাৰ বিহুৱৰ ,শিমলুগুৰি ইত্যাদি স্থানত দিখৌ নৈয়ে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰিছে৷। এই খহনীয়াৰ ফলত বিহুৱৰ গড়মূৰ পজাবস্তিত চপৰা চপৰে খহিছে দিখৌ নৈৰ গৰা। বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে। আনহাতে দিখৌ নৈত শিল, বালিৰ অবাধ খননে এই অঞ্চল সমূহলৈ বিপদ চপাই আনিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে স্থানীয় ৰাইজে। আনহাতে শিমলুগুৰিৰ বুধবৰীয়া বজাৰৰ লগতে তেতেলিগুৰিতো দিখৌৰ ক্ৰমবৰ্দ্ধিত খহনীয়াই এই অঞ্চলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ অপৰিকল্পিতভাৱে কিছুদিনৰ আগতে নিৰ্মাণ কৰা তেতেলিগুৰিৰ পৰা মাষ্টৰচুক সংযোগী মথাউৰি তথা পথটোৰ বহু অংশ নিম্নমানৰ কামৰ বাবেই দিখৌ নৈৰ বুকুত বিলীন হোৱাত উক্ত অঞ্চলৰ ৰাইজ যাতায়তৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈছে৷ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে এই গৰাখহনীয়া ৰোধৰ বাবে বিশেষ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ নকৰাত ৰাইজ শঙ্কিত আৰু ক্ষোধিত হৈ পৰিছে৷

