

নিউজডেক্স,৪চেপ্তম্বৰ,২০২৫ : শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ পৃষ্ঠপোষকতাত তথা স্বাস্থ্য বিভাগ, জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয় আৰু জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয়ৰ সহযোগত আজি নাজিৰা নাট্য মন্দিৰত “মাদক দ্ৰব্য সেৱন বিৰোধী অভিযান,বাল্য বিবাহ আৰু গৰ্ভৱতী কিশোৰীৰ সামাজিক সমস্যা” শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত কৰা হয় ।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা শিশু সুৰক্ষা বিষয়া ড° বিকাশ ৰঞ্জন কোঁৱৰে কয় যে, বাল্য বিবাহ আইনমতে নিষিদ্ধ আৰু দণ্ডনীয়। বাল্য বিবাহৰ চিকাৰ হোৱা শিশু সকলৰ শাৰীৰিক, বৌদ্ধিক আৰু মানসিক বিকাশ বাধাগ্ৰস্ত হোৱাৰ লগতে প্ৰসূতি মাতৃৰ মৃত্যু হাৰ (MMR) আৰু নৱজাতকৰ মৃত্যু হাৰ (IMR) বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে। তদুপৰি বাল্য বিবাহ হ’লে বিভিন্ন ধৰণৰ যৌন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। গতিকে, ই এক সামাজিক ব্যাধি আৰু ইয়াক প্ৰতিৰোধ কৰাটো প্ৰত্যেক গৰাকী নাগৰিকৰ দায়িত্ব । এই সজাগতা সভাৰ জৰিয়তে তৃণমূল পৰ্যায়ত আশা কৰ্মী সকলক বাল্য বিবাহ আৰু কিশোৰী অৱস্থাত গৰ্ভধাৰণৰ ভয়াবহতাৰ বিষয়ে, সজাগতা বৃদ্ধিৰ পদক্ষেপ অব্যাহত ৰাখিবলৈ তেওঁ আহ্বান জনাইয়। ইয়াৰ উপৰি, সমাজত বৰ্ধিত ধঁপাত আৰু মাদক দ্ৰৱ্য সেৱনৰ প্ৰাদুৰ্ভাৱ দূৰ কৰিবলৈ, আমি প্ৰত্যেক গৰাকী ব্যক্তিয়ে চেষ্টা কৰা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে৷এই সজাগতা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলা সমাজ কল্যাণ বিষয়া উপমা শইকীয়া, নাজিৰাৰ তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত, নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া বৰ্ণিতা মিঠিহাৰী আৰু স্বাস্থ্য প্ৰশিক্ষক স্মিতা বৰুৱা।উক্ত অনুষ্ঠানত আলোচ্য বিষয়বস্তুসমূহৰ আধাৰত নিৰ্মিত কেইবাখনো দৃশ্য-শ্ৰাৱ্য প্ৰস্তুতি পৰিবেশন কৰাৰ লগতে উপস্থিত সকলোৱে সমাজত প্ৰচলিত এই কু-সংকাস্কৰ সমূহৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোকক মুক্ত কৰাৰ উদ্দেশ্যৰে শপত লয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থানীয় চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলৰ সহযোগিতাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষণ শিবিৰৰো আয়োজন কৰা হয়।