নিউজডেক্স,২৬চেপ্তেম্বৰ,২০২৫ :ৰাজ্যজুৰি অনুষ্ঠিত হৈ থকা অসম চৰকাৰৰ “সেৱাই সমৰ্পণ: সেৱা সপ্তাহ” কাৰ্যসূচীৰ অংশস্বৰূপে আজি নাজিৰা বিধানসভা সমষ্টিৰ বাবে চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত “শুশ্ৰূষা সেতু” শীৰ্ষক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। 
অনুষ্ঠানৰ আৰম্ভণিতে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্রতিছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই স্বাস্থ্য মেলাৰ শুভ উদ্বোধন কৰে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্রত শইকীয়া আৰু টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁইয়ে । এই উদ্ধোধনী অনুষ্ঠানত নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, ডিমৌ সমজিলা আয়ুক্ত মীনাক্ষী পের্মে, শিৱসাগৰ জিলাৰ সহকাৰী আয়ুক্ত পৰিশ্মিতা দিহিঙ্গীয়া, নাজিৰা সমজিলাৰ সহকাৰী আয়ুক্তদ্বয় অৰুণাভ সোণোৱাল আৰু কল্যাণ জ্যোতি হাজৰিকা, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন চন্দ্ৰ কলিতা, নডেল বিষয়া ডাঃ সৌভিক ভট্টাচাৰ্য আৰু শিৱসাগৰ জিলা প্ৰকল্প গোটৰ সদস্য সকলৰ লগতে স্বাস্থ্য সেৱাৰ বিভিন্ন বিভাগৰ চিকিৎসক, স্বাস্থ্যকৰ্মীসকলকে ধৰি বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু বহু সংখ্যক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। এই শিবিৰত বহু সংখ্যক ৰাইজৰ উপস্থিতিৰ লগতে ১২৪৭ গৰাকী লোকৰ পঞ্জীয়ন কৰা হয় আৰু ইয়াৰে ১৬২ গৰাকীক উন্নত চিকিৎসালয়লৈ প্ৰেৰণৰ বাবে ব্যৱস্থা কৰা হয়। শিবিৰত স্বাস্থ্য সেৱাৰ সুবিধাৰ বাবে পঞ্জীয়ন ডেস্ক, মোবাইল লেবৰেটৰী, জেনেৰেল লেবৰেটৰী, জেনেৰেল অ’পিডি, আয়ুষ আৰু কেন্সাৰ অ’পিডি স্থাপন কৰা হৈছিল ৷ এই শিবিৰত ১০ টা বিভাগৰ বিশেষজ্ঞৰ অধীনত স্বাস্থ্য পৰীক্ষণ আৰু চিকিৎসা সেৱা প্ৰদান কৰা হয়।