

নিউজডেক্স,২৯চেপ্তেম্বৰ,২০২৫: নাজিৰা আমোলাপট্টীবাসী ৰাইজৰ সহযোগত আজি আমোলাপট্টিত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ দিনটোতেই পালন কৰা হয় মহা নাম-প্ৰসঙ্গ৷অসম আৰু অসমীয়াৰ প্ৰাণৰ স্পন্দন – জনতাৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনৰে পৰা শোকস্তব্ধ হৈ পৰা জনতাই তেৰাৰ আত্মাৰ চিৰশান্তি কামনাৰে বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অব্যাহত থকাৰ লগতে মহান শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী সৰ্বস্তৰতে উত্থাপন হৈছে । শোকত ম্ৰিয়মান জনতাই শিল্পী জনাৰ বৈকুণ্ঠ গামী হোৱাৰ আজি একাদশ দিনা আদ্যশ্ৰাদ্ধৰ দিনটোতে নাজিৰা আমোলাপট্টী বাসী ৰাইজৰ সহযোগত আমোলাপট্টিত মহা নাম-প্ৰসঙ্গৰ আয়োজন কৰে৷ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পিছতেই মহা নাম-প্ৰসঙ্গ অনুষ্ঠিত কৰি মহান শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰা হয়।

