
নিউজডেক্স, ৪ অক্টোবৰ, ২০২৫: অন্ন সেৱা দিন উদযাপনৰ অংশস্বৰূপে, নাজিৰাৰ সম-জিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম আৰু সহকাৰী আয়ুক্ত তথা খাদ্য ৰাজহুৱা বিতৰণ ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক,কল্যাণজ্যোতি হাজৰিকাই আজি নাজিৰা সম-জিলাৰ বিভিন্ন সুলভ মূল্যৰ দোকান (FPS) পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত কেইবাগৰাকী বিভাগীয় কৰ্মচাৰী উপস্থিত থাকে। পৰিদৰ্শনৰ সময়ত, সম-জিলা আয়ুক্ত গৰাকীয়ে দোকান সমূহৰ ষ্টক ৰেজিষ্টাৰ, বিতৰণ ৰেকৰ্ড আৰু আন প্ৰাসংগিক নথিপত্ৰসমূহ পৰীক্ষা কৰে। লগতে, হিতাধিকাৰীসকলক বিতৰণ কৰা চাউলৰ গুণগত মান আৰু পৰিমাণো পৰীক্ষা কৰে।তদুপৰি তেখেতে কেইবাজনো হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে আৰু নিয়ম অনুসৰি নিজৰ প্ৰাপ্য অংশ লাভ কৰিছে নে নাই, সেইটো নিশ্চিত কৰে। লগতে সম-জিলা আয়ুক্ত গৰাকীয়ে, বিতৰণ প্ৰক্ৰিয়াত সম্পূৰ্ণ স্বচ্ছতা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সকলো সুলভ মূল্য দোকানীক চৰকাৰী নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আৰু কোনো হিতাধিকাৰী যাতে নিজা প্ৰাপ্য ৰেচনৰ পৰা বঞ্চিত নহয় তাৰ বাবে সকলোকে আহ্বান জনায়।

