নিউজডেক্স,৭অক্টোবৰ,২০২৫ :আজি সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰা বিধান সভা সমষ্টিতো অৰুণোদয় আঁচনিৰ যোগেদি বুনিয়াদী অৰ্থনীতি সবলীকৰণ কৰাৰ উদ্দেশ্যেৰেঅসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণ “অৰুণোদয় ৩.০” ৰ পুঁজি বিতৰণৰ শুভ উদ্বোধন কৰা হয়। নাজিৰা বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা আজিৰ এই সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে নাজিৰাৰ সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰামৰ লগতে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, নাজিৰা পৌৰসভাৰ সভানেত্ৰী বৰ্ণালী চেতিয়া আৰু নাজিৰা পৌৰসভাৰ কাৰ্যবাহী বিষয়া দিব্যা সোনাৰ।উল্লেখযোগ্য যে, নাজিৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত মুঠ ২৫৩টা ভোট গ্ৰহণ কেন্দ্ৰত আজি অৰুণোদয় ৩.০ ৰ পুঁজি বিতৰণৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত সভাতে গুৱাহাটীস্থ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কেন্দ্ৰীয় শুভাৰম্ভণী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰো কৰা হয়।এই আঁচনিৰ অধীনত নাজিৰা বিধান সভা সমষ্টিৰ প্ৰায় ২৮,৭৯৭ গৰাকী হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেওঁলোকে নিজৰ বেংক একাউণ্টত প্ৰতি মাহে ১,২৫০ টকা লাভ কৰিব।

