নিউজডেক্স,১১অক্টোবৰ,২০২৫ : সমাজ জীৱনলৈ বিশেষ বৰঙনি আগবঢ়োৱা বিশিষ্ট লোককলৰ সোঁৱৰণত ৰাইজ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যক্তি বিশেষৰ নামত কোনো পথৰ নামাকৰণ কৰে৷ কালক্ৰমত এই পথৰ পৰিচিতিয়েই সংশ্লিষ্ট অঞ্চলৰ ৰাইজৰ ঠিকনা হৈ পৰে৷। নাজিৰাটো এনে বহু বিশিষ্ট ব্যক্তিৰ নামত বহুকেইটা পথ নামাকৰণ কৰা হৈছে৷ নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা এসময়ত “হেডমাষ্টৰ আজিজুৰ ৰহমান” নামেৰে প্ৰখ্যাত ব্যক্তিজনাৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে বহুবছৰ পূৰ্বে নাজিৰা পৌৰসভা উক্ত বিদ্যালয়ৰ সন্মুখৰ “টকৌ আলি” নামেৰে পৰিচিত পথটো “হেডমাষ্টৰ আজিজুৰ ৰহমান” পথ বুলি নামাকৰণ কৰি নামফলক লগাইছিল যদিও বৰ্তমান উক্ত পথত কোনো নামফলক নাই৷ সেইদৰে শতিকা পূৰ্বে নাজিৰাৰ জনজীৱনৰ সুবিধাৰ্থে নগৰখনৰ ৮ নং ৱাৰ্ডত থকা বৰপুখুৰীৰ মাটিকে ধৰি নাজিৰা দৈনিক বজাৰৰ ভূমিও ৰাজহুৱা স্বাৰ্থত দান কৰা প্ৰয়াত চৈয়দ হবিবুৰ ৰহমান ওৰফে “কণ দেৱান”ৰ নামত নাজিৰা দৈনিক বজাৰৰ বাওঁহাতে থকা পথটিৰ নাম “চৈয়দ হবিবুৰ ৰহমান ” পথ ৰখা হৈছিল ৷উল্লেখ্য যে এই পথটো নাজিৰা নগৰৰ কোনো ব্যক্তি বিশেষৰ নামত থকা আটাইতকৈ পুৰণি পথ আছিল যদিও এই পথটোও দীৰ্ঘদিন ধৰি নামফলক বিহীন হৈ আছে৷ তদ্ৰুপ নাজিৰা নগৰৰ বাপুজী পথকে ধৰি আন বহুকেইটা পথত আজিও নামফলক নাই বাবে এই পথ সমূূহত শ্ৰীঘ্ৰেই নামফলক লগাবৰ বাবে নজিৰাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ লগতে আন বহু নাগৰিকে গত ২৫ জুনত নাজিৰা পৌৰসভাত আবেদন দাখিল কৰিছিল যদিও অদ্যাপি নাজিৰা পৌৰসভাই উক্ত পথ সমূহত নামফলক নলগোৱাত বহু আবেদনকাৰীয়ে খেদ ব্যক্ত কৰাৰ লগতে পৌৰ কৰ্তৃপক্ষই নগৰখনৰ জ্যেষ্ঠ নাগৰিককো অৱজ্ঞা কৰাটো অশোভনীয় বুলি মত প্ৰকাশ কৰে৷


