নিউজডেক্স,৫ নবেম্বৰ,২০২৫ :অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা নাজিৰা সমজিলা প্ৰশাসনৰ সহযোগত আজি নাজিৰা মহাবিদ্যালয় খেলপথাৰত বিস্তৃত কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। আৰম্ভণিতে ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ অনুষ্ঠানটি শুভাৰম্ভ কৰা হয়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাজিৰা সমজিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, নাজিৰা সমজিলা আৰক্ষী বিষয়া তুষাৰ দেশাই, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ সভানেত্ৰী ক্ৰমে বৰ্ণালী চেতিয়া আৰু কবিতা মেচৰ লগতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আত্মীয় অজিৎ হাজৰিকাও আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ পিছতে নাজিৰা সমজিলাৰ নবীন-প্ৰবীণ শিল্পী, ছাত্ৰ-ছাত্ৰী, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীকে ধৰি উপস্থিত প্ৰায় পাঁচ শতাধিক ৰাইজে সুধাকণ্ঠৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” পৰিৱেশন কৰে।