নিউজডেক্স,৭নৱেম্বৰ,২০২৫ :চৰাইদেউ জিলাৰ সাপেখাতী মৌজাৰ খেৰবাৰী সাপ্তাহিক বজাৰক লৈ অসম আৰু অৰুণাচল প্ৰদেশৰ জনসাধৰণৰ মাজত সংঘাট অব্যাহত আছে। জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ কানুবাৰীত বছৰ বছৰ ধৰিপ্ৰতি বৃহস্পতি বজাৰ অনুষ্ঠিত হৈ আহিছিল। কিন্তু ৭ মাহৰ পূৰ্বে অৰুণাচল প্ৰশাসনে অসমৰ পৰা যোৱা ব্যৱসায়ীৰ লগতে ক্ৰেতা বিক্ৰীতাৰ ইনাৰ প্ৰামিট বাধ্যতামূলক বুলি উল্লেখ কৰাত বৃহস্পতি বাৰে অনুষ্ঠিত হোৱা সাপ্তাহিক বজাৰ খনি বন্ধ হৈ পৰে।উপায়ন্তৰ হৈ অসমৰ ব্যৱসায়ী সকলে অৰুণাচল কানুবাৰীৰ গাতে লাগি থকা খেৰবাৰীত বৃহস্পতি বাৰে বজাৰ খন অনুষ্ঠিত কৰে। দুয়োখন ৰাজ্যৰ জনসাধৰণে সাত মাহ ধৰি সমিল মিলে ব্যৱসায় বাণিজ্য কৰি আহিছিল। হঠাৎ অৰুণাচল প্ৰদেশৰ প্ৰশাসনে যোৱা বৃহস্পতি বাৰে বজাৰ খনি মুকলি কৰা বুলি ঘোষণা কৰে যদিও অসমৰ ব্যৱসায়ী সকলে অৰুণাচল কানুবাৰী লৈ যাবলৈ অস্বীকাৰ কৰি খেৰবাৰীতে বজাৰ অনুষ্ঠিত কৰে ।ইয়াক লৈ দুয়োখন ৰাজ্যৰ জনসাধৰণৰ মাজত সংঘাট সৃষ্টি হোৱাত ঘটনা স্থলীত সাপেখাতী আৰক্ষী আৰু ৰাজহ চক্ৰ বিষয়া উপস্হিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। আনহাতে অৰুণাচল প্ৰদেশৰ একাংশ লোকে অৰুণাচলী জনসাধাৰণক অসমৰ খেৰবাৰী সাপ্তাহিক বজাৰ লৈ অহাত বাধা প্ৰদান কৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এনে কৰিলে পৰ্ৰবতী সময়ত অৰুণাচল ৰ বিৰুদ্ধে অৰ্থনৈতিক পথ অৱৰোধ দৰে কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি হুংকাৰ দিয়ে 


