নিউজডেক্স,৯ নৱেম্বৰ,২০২৫ :গৰাকীৰ অজ্ঞাতে জালিয়াতিৰে আনৰ নামলৈ ভূমি হস্তান্তৰিত কৰি চৰ্চাত থকা নাজিৰা ৰাজহ চক্ৰৰ এচাম দুৰ্নীতি পৰায়ণ বিষয়া কৰ্মচাৰীৰ বাবে স্থানীয় ৰাইজ দীৰ্ঘদিন ধৰি বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে৷৷
চৰকাৰে ৰাইজৰ সুবিধাৰ্থে ভূমি সমস্যা সমাধানৰ বাবে অনলাইন পদ্ধতিৰ প্ৰয়োগ কৰি ৰাইজক সকাহ দিয়াৰ প্ৰয়াস চলাইছে যদিও নাজিৰা ৰাজহ চক্ৰত নিজৰ কোনো কাম কৰাবৰ বাবে আজিও ৰাইজে দীৰ্ঘদিন ধৰি তাঁতবাতি কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক কথা৷ ৰাজহ চক্ৰটোত জনৈক গোহাঁই, সন্দিকৈ আৰু দুৱৰা উপাধিৰ কৰ্মচাৰী কেইজনে চৰকাৰী নিৰ্দ্দেশনা আওকাণ কৰি “কৰোবাৰ কৃপাত” একেখন চকীতে বহু বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰি থকাৰ অভিযোগো উণ্থাপিত হৈছে৷ আনহাতে কাৰ্যালয়টোত খুঁটি পুতি বহা এনে একাংশ কৰ্মচাৰীয়ে নিজৰ মন মৰ্জি মতে কাম কৰি ৰাজহুৱা স্বাৰ্থক আওকাণ কৰি বিভাগটোক নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰাৰো দীৰ্ঘদিনীয়া অভিযোগ আছে৷ বহু বছৰৰ আগতেই নিজৰ আপোন ভ্ৰাতৃয়েও চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা এই ৰাজহ চক্ৰৰ কৰ্মচাৰী এজনে জন্মৰ ভুৱা তথ্যৰে হেলাৰঙে আজিও চৰকাৰী চাকৰি কৰি থকাৰ এক ভয়ংকৰ অভিযোগো উণ্থাপিত হৈছে৷চৰকাৰী নীতি নিয়মক ভেঙুচালি কৰি নাজিৰা ৰাজহ চক্ৰত দীৰ্ঘদিন ধৰি একেখন চকীতে কাম কৰা একাংশ কৰ্মচাৰীৰ লগতে ইয়াত চলি থকা ভূমি কেলেংকাৰীৰ বিষয়ে চৰকাৰে নিৰ্মোহ তদন্ত কৰিলেই নাজিৰা ৰাজহ চক্ৰৰ বহু দুৰ্নীতি আৰু অকথ্য কথা পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷
