
জাঁজিৰ পৰা সোণমণি বৰঠাকুৰ,১৮ নবেম্বৰ,২০২৫ :অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিন শিল্পী গৰাকীৰ অনুপষ্ঠিতিত প্ৰথম বাৰৰ বাবে জাঁজিৰ পিতৃ ভিঠা ককাক ঁ কুমুদ বৰঠাকুৰৰ বাস গৃহৰ সমুখৰ তামুলীছিগা ঘনকান্ত বৰা মহাবিদ্যালয়ৰ শিক্ষক গোট আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ অধীনত ১৮/১১/২০২৫ তাৰিখে অনুষ্ঠিত কৰা হয় ।এই উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে আঁত ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অধ্যক্ষ দেৱজিত বৰাৰ উপস্থিতিত জুবিন গাৰ্গৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰকাশ বৰঠাকুৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। আদ্য দেওপানী গজলা সত্ৰৰ সত্ৰীয়া , জ্যেষ্ঠ সাংবাদিক দেৱকুমাৰ মহন্তই এটি বক্ ফুলৰ পুলী ৰোপন কৰি জুবীন গাৰ্গৰ প্ৰকৃতি সুৰক্ষা আৰু প্ৰকৃতি প্ৰেমৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰি মহাবিদ্যালয় পৰিয়ালেও কেইবাটাও নাহৰ পুলি ৰোপন কৰে।। মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ বৰাই জুবিন গাৰ্গৰ জীৱনাদৰ্শ সোঁৱৰণ কৰি শ্ৰদ্ধা জনাই তেখেতৰ কৰ্মৰ আদৰ্শৰে উদ্বুদ্ধ হবলৈ সকলোকে আহবান জনায় ।জুবিন গাৰ্গৰ ককাকৰ বাসগৃহতো পেহীয়েক দেবজানী বৰঠাকুৰ শৰ্মাই শিল্পী গৰাকীৰ জন্ম দিন উদযাপন কৰে।আনহাতে চিন্তামণিগড় পৰিবহন নিগম প্ৰাঙ্গনত অভিজ্ঞান সাংস্কৃতিক মঞ্চ আৰু সুৰ্যোদয় নৃত্য একাডেমি আৰু ৰাইজৰ সহযোগতো ৫৩ সংখ্যক জুবিন বিহীন প্ৰথম জন্ম দিন উদযাপন কৰা হয় ।আনহাতে চিন্তামণিগড় পৰিবহন নিগম প্ৰাঙ্গনত অভিজ্ঞান সাংস্কৃতিক মঞ্চ আৰু সুৰ্যোদয় নৃত্য একাডেমি আৰু ৰাইজৰ সহযোগতো ৫৩ সংখ্যক জুবিন বিহীন প্ৰথম জন্ম দিন উদযাপন কৰা হয় ।

