
নিউজডেক্স,৫ডিচেম্বৰ,২০২৫ :নাজিৰা পৌৰসভাই নাগৰিক সকলৰ সুবাধাৰ্থে নাজিৰা গান্ধী ময়দানৰ সৌন্দৰ্য্য বৰ্দ্ধন কৰি প্ৰায় ৫০ লাখ টকা ব্যয়েৰে ইয়াত এখন অত্যাধুনিক উদ্যান নিৰ্মাণ কৰাৰ লগতে উক্ত উদ্যানত দুই এপদ খেলা-ধূলা আৰু কচৰৎ সামগ্ৰী ৰখাৰো পৰিকল্পনা কৰিছে৷ আনহাতে এই উদ্যানত জেষ্ঠ নাগৰিক সকলৰ প্ৰাতঃ আৰু সান্ধ্য ভ্ৰমণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ চৌপাশে পদপথৰ ব্যৱস্থা কৰা হ’ব বুলি পৌৰ কৰ্তৃপক্ষই আমাক অৱগত কৰে৷ তদুপৰি নগৰখনৰ ক্ৰমবৰ্ধিত যান-জঁট ৰোধৰ বাবে গান্ধী ময়দানৰ সমীপত প্ৰায় ছয় লাখ টকা ব্যয়েৰে এটা বিক্ৰয় এলেকা ( ভেণ্ডিং জন) নিৰ্মাণ কৰি তালৈ নগৰখনৰ মূল পথৰ দাঁতিত য’তে ত’তে সৰু সৰু গাড়ী,ঠেলা ইত্যাদিত ফাৰ্ষ্ট ফুড জাতীয় খাদ্য সামগ্ৰী বিক্ৰী কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ দোকান (ফুড ষ্টল) সমূহ স্থানান্তৰিত কৰা হ’ব৷ এই ভেণ্ডিং জ’নে স্থানীয় ব্যৱসায়ীসকলক সহায় কৰাৰ লগতে নাজিৰাৰ শৃংখলাবদ্ধ উন্নয়নৰ ক্ষেত্ৰতো ই সহায়ক হ’ব। ভেণ্ডিং জ’নত ব্যৱসায়ীসকলৰ বাবে আধুনিক সা সুবিধা প্ৰদান কৰা হ’ব বুলি পৌৰকৰ্তৃপক্ষই আমাক জনায়। এই প্ৰকল্পটো নাজিৰা পৌৰসভাৰ এক অভিলাষী প্ৰকল্প আৰু ইয়াৰ দ্বাৰা নাজিৰা নগৰৰ সামূহিক উন্নয়নত সহায়ক হ’ব।
পৌৰসভাৰ এই পৰিকল্পনা সঠিক ৰূপত বাস্তবায়িত হলে নগৰখনৰ দীৰ্ঘদিনীয়া যান-জঁটৰ সমস্যা বহু পৰিমাণে লাঘব হোৱাৰ লগতে গান্ধী ময়দানত স্থাপন কৰিব খোজা উদ্যান খনে নাজিৰাৰ নাগৰিক সকলক বহু পৰিমাণে উপকৃত কৰাৰ আশা আছে৷

