
নিউজডেক্স, ৮ ডিচেম্বৰ,২০২৫ :অসম- অৰুণাচল আৰু নাগালেণ্ড ৰাজ্যৰ ত্ৰিবেণী সংগমত অৱস্থিত চৰাইদেউ জিলা। এসময়ত আহোমৰ ৰাজধানী চৰাইদেউৰ হাজাৰ হাজাৰ হেক্টৰ মাটি দুয়োখন চুবুৰীয়া ৰাজ্যই বেদখল কৰি গোজেই গজালিত পৰিণত হৈছে। বিশেষকৈ চৰাইদেউৰ চৰাইপুং,হোলোঙামৰা,খেৰবাৰী এলেকাত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে প্ৰায় ছয় হাজাৰ হেক্টৰৰো অধিক মাটি বেদখল কৰি ৰাস্তা ঘাট,ঘৰ বাৰি কৰি আহিছে যদিও অসম চৰকাৰৰ কোনো কাণষাৰ নাই। অতি পৰিতাপৰ বিষয় আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্মাণ কৰা ঐতিহাসিক লাহদৈগড়টো বেদখল কৰি একাংশ অৰুনাচলীয়ে ঘৰ বাৰী নিৰ্মাণ কৰি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে যদিও ৰাজ্যৰ প্ৰশাসন আজিও নিৰ্বিকাৰ৷

