নিউজডেক্স,১৩ ডিচেম্বৰ,২০২৫: আহোম স্বৰ্গদেউ সকলৰ দিনৰ ঐতিহাসিক পুখুৰী সমুহৰ এটা অন্যতম নাজিৰা নগৰৰ মধ্যস্থলত থকা দেওধাই পূখুৰী বৰ্তমান লুপ্তপ্ৰায় হৈ পৰিছে ৷ আজিও পুৰাতত্ত্ব বিভাগ তথা চৰকাৰৰ দৃষ্টিত নপৰা এই ঐতিহাসিক দেওধাই পুখুৰীটো সংৰক্ষণৰ অভাৱত এতিয়া নিশ্চিহ্ন হোৱাৰ পথত।আহোমৰ ৰাজধানী গড়গাঁওৰ পৰা নাতিদূৰৰ দিখৌ নদীৰ দক্ষিণ পাৰত তথা পৰবৰ্তী সময়ৰ ধোদৰ আলি আৰু ৰেল লাইনৰ মাজত থকা ঐতিহাসিক দেওধাই পুখুৰীটো আহোমৰ তিনি খেলৰ পুৰোহিত দেওধাই খেলক সেই স্থানতে থাকিবলৈ দিয়া হৈছিল আৰু তেওঁলোকৰ সুবিধাৰ্থে ৰজাই এই পুখুৰী খন্দাই দিছিল ৷ অসমত থকা আহোম ৰাজত্ব কালৰ পুখুৰী সমুহৰ মাজত দেওধাই সকলৰ নামত কেৱল নাজিৰাতহে দেওধাই পুখুৰী থকাৰ কথা বুৰঞ্জীত পোৱা যায় । এই পুখুৰীটো কেৱল মাত্ৰ পুৰোহিত সকলৰেই গৌৰৱ আৰু গৰিমাৰ প্ৰতীক নহয় , ই সমগ্ৰ অসমীয়া জাতিৰ এক ঐতিহাসিক সমল ৷আজি নাজিৰাৰ দেওধাই পুখুৰীৰ অস্তিত্ব সংকটাপন্ন হৈ পৰিছে৷ বহু লোকে পুখুৰীৰ মাটি বেদখল কৰাৰ উপৰিও সমীপৰ বহু লোকে বৰ্জিত আৰ্বজনা পেলোৱা ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰা পুখুৰীটো বৰ্তমান দুৰ্গন্ধময় পৰিবেশত পিতনি সদৃশ হৈ পৰাত বিভিন্ন অপতৃণে পুখুৰীটো পুতি পেলাইছে৷কেৱল মাত্ৰ পুখুৰীটোলৈ যোৱা পথটোৰ নাম পুৰোহিত সকলৰ নামেৰে “দেওধাই ”পথ বুলি নামকৰণ কৰিয়েই দায়িত্ত্ব সামৰিছে সংশ্লিষ্ট বিভাগ তথা চৰকাৰে ৷ সময় থাকোতেই এই পুখুৰীটো সংৰক্ষণ নকৰিলে হয়তো এদিন এই পুখুৰী নিশ্চিন্ন হৈ বুৰঞ্জীৰ এক সোণালী অধ্যায়ৰ যবনিকা পৰাৰ লগতে নোহোৱা হ’ব ইয়াক লৈ সৃষ্টি হোৱা বহু জনশ্ৰুতিৰ ৷ গতিকে সময় থাকোতেই চৰকাৰ তথা পুৰাতত্ত্ব বিভাগে এই ঐতিহাসিক সমল সংৰক্ষণৰ ব্যৱস্থা কৰা উচিত৷স্বৰ্গদেউ চুহিফপঙফা বা গৌৰীনাথ সিংহৰ ৰাজত্ব কালত(১৭৮০-১৭৯৫) নাজিৰাৰ মধ্যস্থলত থকা দেওধাই পুখুৰী খন্দোৱাইছিল ৷ ইতিহাস প্ৰেমী ব্যক্তি দ্বীপজ্যোতি বৰগোহাঁইৰ মতে এই ঐতিহাসিক পুখুৰীটোৰ পাৰত ঘৰৰ খুঁটা পুতিবৰ বাবে গাঁত খান্দোতে ভগ্ন ৰূপত বহু ঐতিহাসিক সমল উদ্ধাৰ হৈছিল বুলি স্থানীয় লোকে তেওঁক অৱগত কৰিছিল৷আনহাতে আমি এই দেওধাই পুখুৰীৰ ভূমি সন্দৰ্ভত নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰা এক আৰ- টি -আই আবেদনৰ প্ৰত্যুত্তৰত বিভাগটোৱে আমাক জনায় যে লাট মণ্ডলৰ প্ৰতিবেদন মৰ্মে কাৰ্যালয়ৰ হাতৰ নথিত উক্ত পুখুৰীৰ মাটিৰ পৰিমাণ ২বিঘা ১৪ লোচা আছিল যদিও বিভাগৰ কম্পিউটাৰত জমি শূন্য হৈ থকা দেখা যায়৷ সংৰক্ষণৰ অভাৱত নিশ্চিহ্ন হোৱাৰ উপক্ৰম হোৱা এই ঐতিহাসিক দেওধাই পুখুৰীৰ ভূমিৰ তথ্যও অৱশেষত ৰাজহ বিভাগৰ কম্পিউটাৰত নথকা কাৰ্যই এনে ঐতিহাসিক সমলৰ প্ৰতি চৰকাৰী অৱহেলাকেই প্ৰতিফলিত কৰিছে৷এই সন্দৰ্ভত আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ (আটাছুৰ) কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ লগত যোগাযোগ কৰাত তেওঁ এই দেওধাই পুখুৰী সংৰক্ষণৰ বিষয়ত আটাছুৱে এক সৱল ভূমিকা গ্ৰহণ কৰিব বুলি কোৱাৰ লগতে এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে৷গগৈয়ে আমাক কয় যে আটাছুৱে এই ঐতিহাসিক পুখুৰীটো সংৰক্ষণৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব ৷

