সোণমনি বৰঠাকুৰ,১৭ ডিচেম্বৰ: শিৱসাগৰ জিলাৰ খনামুখ মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰী লিপিকা বৰকাকতীৰ ৩২ বছৰীয়া শিক্ষকতা জীৱন ৩০ নবেম্বৰত সফলতাৰে সম্পূ্ৰ্ণ কৰি অৱসৰ গ্ৰহন কৰাত ১৬ ডিচেম্বৰত তেখেতক আনুষ্ঠানিক ভাবে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলে ৰাজহুৱা বিদায় সম্ভাষণ জনায়। এই উপলক্ষে খনামুখ উচ্চ ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰবীন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সভাত খনামুখ মজলীয়া বিদ্যালয়ৰ প্ৰধান ভবেন্দ্ৰ নাথ কটকী খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আনন্দ বৰা, অৱসৰ প্ৰাপ্ত কৃতি শিক্ষক ভোলা নাথ দত্ত, প্ৰবীন গগৈ,খনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিনমণি ভূঞাকে ধৰি ভালেসংখ্যক ন- পুৰনি ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীয়ে বিদায় সম্ভাষণ জনায়। শিক্ষক বসন্ত বৰুৱা আৰু দিনেশ গগৈয়ে সভাখনৰ আঁত ধৰে।১৯৯৩ চনত শিৱসাগৰৰ কৈবৰ্ত দলনি এম ভি স্কুলত যোগদান কৰি গৌৰীসাগৰ এম ভি আৰু ২০০৮ চনৰ পৰা খনামুখ মজলীয়া বিদ্যালয়ত দক্ষতাৰে সেৱা আগবঢ়াই ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ সমাদৰ লাভ কৰা বৰকাকতী ৰ বিদায় বেলাত বিদ্যালয়খনত দখৰ ছাঁ পৰে।

