নিউজডেক্স,২৮ ডিচেম্বৰ ২০২৫ : ২৭ ডিচেম্বৰত শিৱসাগৰ জিলাৰ অন্তৰ্গত ডিমৌ,শিৱসাগৰ আৰু নাজিৰা বিধান সভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়৷ ৯৫নং ডিমৌ বিধান সভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১৭৯২১০ জন,ইয়াৰে ৮৮০০৪জন পুৰুষ,৯১২০৫গৰাকী মহিলা আৰু ১জন তৃতীয় লিংগৰ ভোটাৰ৷ডিমৌ সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ হল ২৩০টা৷৯৬নং শিৱসাগৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হল ২০৯৭৭৮জন,ইয়াৰে পুৰুষ ভোটাৰ হল ১০৩৪৩০ জন, ১০৬৩৪৭ গৰাকী হল মহিলা আৰু ১জন তৃতীয় লিংগৰ ভোটাৰ৷ শিৱসাগৰ সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হল ২৭৮টা ৷আনহাতে ২৩৩টা ভোটগ্ৰহণ কেন্দ্ৰ থকা ৯৭নং নাজিৰা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হল ১৮৩২৩১জন,ইয়াৰে ৮৯০৭০ জন পুৰুষ,৯৪১৫৯গৰাকী মহিলা আৰু ২ জন তৃতীয় লিংগৰ ভোটাৰ৷সামগ্ৰিক ভাবে শিৱসাগৰৰ মুঠ তিনিটা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হল ৫৭২২১৯ জন,ইয়াৰে ২৮০৫০৪জন পুৰুষ,২৯১৭১১ গৰাকী মহিলা আৰু ৪জন তৃতীয় লিংগৰ ভোটাৰ৷জিলাখনত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হল ৭৪১টা৷ইতিমধ্যে জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত বুথ পৰ্যায়ৰ বিষয়া (BLO) সকলে ঘৰে ঘৰে গৈ ভোটৰ তালিকাৰ বিশেষ সংশোধনীৰ তথ্য সংগ্ৰহৰ কাম সম্পন্ন কৰিছে৷ এই সময়ছোৱাত জিলাখনত ১৭বছৰৰ উৰ্ধৰ তথা ১৮ বছৰৰ তলৰ অৰ্থাৎ অহাবছৰ ভোটাৰ তালিকাত অন্তভুৰ্ক্ত হবলগীয়া ২২৬৮ জন,১৮বছৰৰ উৰ্দ্ধৰ ৭৫০৭জন,স্থানান্তৰিত ভোটাৰ ৪২৭৫জন আৰু ৮২৭০জন মৃত ভোটাৰ চিনাক্ত কৰিছে৷ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি তথা তথ্য শুধৰণিৰ বাবে নিদিষ্ট প্ৰ-পত্ৰ যোগে অহা ২২/০১/২০২৬ তাৰিখৰ ভিতৰত ওজৰ আপত্তি দাখিল কৰিব পাৰিব৷ আবেদন পত্ৰ সমূহ নিদিৰ্ষ্ট সময়ৰ ভিতৰত বুথ পৰ্যায়ৰ বিষয়া (BLO) বা Online https://voters.eci.gov.in / Portal বা Voter Helpline Mobile App(VHA),ECINET ৰ যোগেদিও দাখিল কৰিব পাৰিব৷

