নিউজডেক্স,৩১ ডিচেম্বৰ,২০২৫:সাম্প্ৰতিক সময়ত শিৱসাগৰ জিলাত অব্যাহত থকা প্ৰচণ্ড শীতৰ পৰিপ্ৰেক্ষিতত তথা শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত ১ জানুৱাৰী, ২০২৬ৰ পৰা ৬ জানুৱাৰী, ২০২৬ তাৰিখলৈ জিলাখনৰ সমূহ চৰকাৰী, প্ৰাদেশিকৃত, আৰু ব্যক্তিগত প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় খোলাৰ সময় পুৱা ৯:৩০ বজা কৰা হৈছে। অৱশ্যে, বিদ্যালয় ছুটিৰ সময় অপৰিবৰ্তিত থাকিব। শিৱসাগৰ জিলাৰ জিলা আয়ুক্তৰ অনুমোদন সাপেক্ষে আজি এই আদেশ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰী দেৱজ্যোতি গগৈয়ে জাৰি কৰিছে। উক্ত আদেশ তাৎক্ষণিক ভাৱে সমগ্ৰ জিলাতে বলবৎ হ’ব।
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

