নিউজডেক্স,২৮ জানুৱাৰী,২০২৬ : অসমৰ মৎস্য ক্ষেত্ৰ উন্নয়নৰ বাবে মীন বিভাগে বছৰি কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও আজিও ৰাজ্য খনত বহিঃৰাজ্যৰ চালানী মাছেহে ৰাইজৰ চাহিদা পূৰণ কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক কথা! মীন বিভাগে মৎস্য উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনে অগ্ৰগতি লাভ কৰাৰ কথা প্ৰকাশ কৰিলেও ৰাজ্যৰ প্ৰায়বোৰ বজাৰত আজিও থলুৱা মাছৰ অভাৱ পৰিলক্ষিত হোৱা কথাই মীন বিভাগে সদৰি কৰা তথ্যৰ এক বিপৰীত ছবিহে ডাঙি ধৰে ৷ৰাজ্যৰ অন্যান্য স্থানৰ লগতে নাজিৰাটো মীন বিভাগে বিগত পাঁচ বছৰত মুঠ ২৫০ হেক্টৰ অৰ্থাৎ প্ৰায় ৯৫৫বিঘা ভূমিত ১৪৫৯২.২১ মেট্ৰিক টন অৰ্থাৎ এক কোটি পঞ্চলিশ লাখ বিৰান্নবৈ হাজাৰ দুশ দহ কেজি মাগুৰ,শিঙি,কাৱৈ,ভিয়েটনামী কাৱৈ,ৰূপচন্দা,ক’চ,শিঙৰা,গেদগদী,ৰৌ,বাহু,মিৰিকা,গ্ৰাছ কাপ,চিলভাৰ কাপ আদি মাছ উৎপাদন কৰিছে বুলি আমাক জনাইছে যদিও বাস্তৱক্ষেত্ৰত কিন্তু নাজিৰাৰ বজাৰত আজিও অন্ধপ্ৰদেশ বা অসমৰ নগাঁৱৰ মাছৰহে প্ৰাৰ্দুভাৱ দেখা যায়৷বিভাগটোৱে আমাক জনোৱা তথ্যানুসৰি নাজিৰাত অনুমানিক ভাবে বিগত ২০২০-২১ বৰ্ষত ২৪৩৯.৬ মেট্ৰিক টন,২০২১-২২ বৰ্ষত ২৬৯৫.৬ মেট্ৰিক টন,২০২২-২৩ বৰ্ষত ২৯৭১.১৪ মেট্ৰিক টন,২০২৩-২৪ বৰ্ষত ৩১২৪.৮৩ মেট্ৰিক টন আৰু ২০২৪-২৫ বৰ্ষত ৩৩৫৩.০৪ মেট্ৰিক টন মাছ উৎপাদন কৰা হৈছে৷
নাজিৰাত মাছৰ উৎপাদন বৃদ্ধিৰ বাবে মীন বিভাগে লঘু উদ্যোগ আৰু গাঁও ভিত্তিক সংগঠন (আত্মসহায়ক গোট,সমবায় ইত্যাদি) সমূহক উৎসাহিত কৰাৰ লগতে প্ৰধানমন্ত্ৰী মৎস্য কিষাণ সমৃদ্ধি সাহ যোজনাকে ধৰি আন কিছু আচঁনিৰ অধীনত সম জিলাখনৰ মীন পালক সকলক সহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰি ২০২০ চনৰ পৰা ২০২৫ চনৰ লৈকে মুঠ ১১১৭জন হিতাধিকাৰীক মাছ উৎপাদনৰ বাবে পুখুৰী খন্দাকে ধৰি বিভিন্ন শিতানত মুঠ ৪৩০,০৮৩৭ টকা প্ৰদান কৰিছে৷
আনহাতে নাজিৰাৰ মৰনৈ বিল,গাভৰু বিল আৰু হাতীখোৰিয়া বিলৰ সামগ্ৰিক উন্নয়ন তথা ইয়াত মৎস্য উৎপাদন বৃদ্ধিৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বিভাগটোৱে আমাক জনায়৷ উল্লেখ্য যে বছৰি কোটি কোটি টকা ব্যয় কৰিও মীন বিভাগে ৰাজ্য খনত চাহিদা অনুপাতে মৎস্য উৎপাদন কৰিব নোৱাৰাটো অত্যন্ত দুখজনক কথা৷অসমৰ প্ৰায় ৭০%লোকেই মাছ খাই আৰু চাহিদা অনুসৰি অসমত উৎপাদন কম হোৱা বাবে নিতৌ বহিঃৰাজ্যৰ পৰা মাছ আমদানি কৰিবলগীয়া হয়৷ বৰ্তমান অসমত বছৰি প্ৰায় ১৮,০০০–২৫,০০০ মেট্ৰিক টন মাছ আন ৰাজ্যৰ পৰা আমদানি কৰি ৰাজ্যখনত মাছৰ চাহিদাৰ পূৰণ কৰা হয়। এনে পেক্ষাপতত ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পোৱা মাছৰ চাহিদা পূৰণৰ বাবে থলুৱা মাছৰ উৎপাদন বৃদ্ধিৰ বাবে মীন বিভাগৰ বহু কৰণীয় আছে যদিও বিভাগটোত পেছাদাৰিত্ব মনোভাৱ অভাৱৰ বাবেই আজিও অসমৰ মীন ক্ষেত্ৰৰ প্ৰকৃত উন্নয়ন হোৱা নায়৷

