নিউজডেক্স,৪জুলাই,২০২৬: বৃটিছৰ দিনতেই তদানীন্তন অসম চাহ কোম্পানীৰ দ্বাৰা ১৯৪৪ চনত নাজিৰা নগৰৰ সোঁমাজত স্থাপিত হোৱা নাজিৰাৰ প্ৰাথমিক চিকিৎসালয়খন স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়ত চৰকাৰী সহাৰ্যপ্ৰাপ্ত প্ৰাথমিক চিকিৎসালয়লৈ উন্নীত কৰা হয়৷ এই চিকিৎসালয়খনলৈ নাজিৰা নগৰৰ লগতে সমীপৱৰ্তী শিমলুগুৰি,গড়গাওঁ,চূণপোৰা,চণ্ টক,পানীবিল ইত্যাদি বিভিন্ন অঞ্চলৰ পৰা দিনে নিশাই যিকোনো সময়ত চিকিৎসাৰ বাবে বিভিন্ন ৰোগী আহে যদিও বিগত কিছু বছৰৰ পৰা চৰকাৰে এই চিকিৎসালয় খনত প্ৰয়োজনীয় ডাক্তৰ,কৰ্মচাৰীকে ধৰি অন্যান্য সা-সুবিধা সমূহ হ্ৰাস কৰাৰ ফলশ্ৰুতিত ৰাইজ বহু অসুবিধাৰ সন্মুখীন হৈছে৷ আজিও গঢ়ে দৈনিক ৭০/৮০ জন ৰোগী অহা এই চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয় খন এটা পূৰ্ণাংগ স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰিবৰ বাবে স্থানীয় ৰাইজে বিগত বহুবছৰ ধৰি দাবী উণ্থাপন কৰি অহাৰ লগতে বছৰচেৰেক পূৰ্বে তদানীন্তন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তকো স্মাৰকপত্ৰ প্ৰদান কৰিছিল যদিও ৰাইজে কোনো সুফল পোৱাৰ পৰিৱৰ্তে সম্প্ৰতি চৰকাৰে এই চিকিৎসালয় খন নাজিৰা নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগত থকা লিগিৰিপুখুৰীস্থ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ৰ লগত সংলগ্ন কৰাৰ প্ৰচেষ্টা চলাইছে বুলি বাতৰি বিয়পি পৰাত নাজিৰা নগৰ আৰু ইয়াৰ উপকণ্ঠীয় অঞ্চলৰ ৰাইজ চিন্তিত হৈ পৰিছে৷
এই চিকিৎসালয়ৰ বাবে আবণ্টিত ৩ জন ডাক্তৰ আৰু ২১ জন অন্যান্য কৰ্মচাৰীৰ ভিতৰত বৰ্তমান ২জন চিকিৎসকেহে ৰাইজক সেৱা আগবঢ়াই থকাৰ লগতে আন বহু সংখ্যক পদো খালী হৈ আছে৷ আনহাতে ইয়াত নিয়োজিত এজন চিকিৎসকক লিগিৰীপুখুৰীৰ অসামৰিক চিকিৎসালয়ৰ লগত সংলগ্ন কৰি দিয়াৰ ফলত প্ৰকৃতাৰ্থত এজন চিকিৎসকৰ দ্বাৰাই এই চিকিৎসালয় খন চলাই থকা হৈছে৷ এই চিকিৎসালয় খনত তিনিখনকৈ এম্বুলেন্স আছে যদিও চালক নথকাৰ লগতে ইয়াৰ বেটাৰী চুৰি হোৱাত এখনো এম্বুলেন্স বৰ্তমান কাৰ্যক্ষম হৈ থকা নাই৷
এজাক ডাঙৰ বৰষুণতেই একাঁঠু পানীত ডুব যোৱা এই চিকিৎসালয় খনৰ জৰাজীৰ্ণ ৰূপ আৰু অধোন্নতিৰ বাবে ইয়াৰ পৰিচালনা সমিতিও বহুলাংশে জগৰীয়া বুলি স্থানীয় ৰাইজে মতপোষণ কৰিছে৷ দশক দশক ধৰি ৰাইজৰ অজ্ঞাতে,নীতি নিয়ম বিসৰ্জন দি কেৱল শাসকীয় দলৰ “মনপচন্দৰ” একাংশ লোকক লৈ গঠন কৰা ইয়াৰ পৰিচালনা সমিতি সমূহৰ নিৰ্লিপ্ততাৰ বাবেই এই চিকিৎসালয়ৰ ভূমিত বেদখল হোৱাৰ লগতে ই ধ্বংসৰ মুখলৈ গতি কৰিছে৷ বিগত ৮/৭/২০২২ তাৰিখে ৪৩ জন লোকৰ উপস্থিতিত নাজিৰা মিলন মন্দিৰত অনুষ্ঠিত হোৱা এক সাধাৰণ সভাত ডঃ অজয়লাল বৰুৱাক সভপতি ৰূপে লৈ এখন পৰিচালনা সমিতি গঠন কৰা হৈছিল যদিও এই সমিতি খনেও চিকিৎসালয় খনৰ উন্নয়ন তথা ইয়াৰ নামত থকা মুঠ ৪ বিঘা ৩ কঠা ৬ লোচা ভূমিৰ একাংশত দীৰ্ঘদিন ধৰি চলি থকা বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা পৰিলক্ষিত নহল৷আনহাতে নীতি নিয়ম উলঙ্ঘা কৰি কোনো সাধাৰণ সভাৰ অবিহনে কেৱল পৰিচালনা সমিতিৰ ৭ জন লোকৰ উপস্থিতিত গত ২৯/০২/২০২৪ তাৰিখে নাজিৰা নগৰৰ ৫নং ৱাৰ্ডৰ পাৰিষদ গুণ দত্তক সভাপতি ৰূপে লৈ পূৰ্বৰ পৰিচালনা সমিতিৰ স্থানত এখন তেৰ জনীয়া জন আৰোগ্য সমিতি গঠন কৰা হয়৷
উল্লেখ্য যে চৰকাৰী নিৰ্দেশনা মতে স্বাস্থ্য কেন্দ্ৰ বা উপ স্বাস্থ্যকেন্দ্ৰৰ পৰিচালনা সমিতি গঠন কৰিবৰ বাবে স্থানীয় বিজ্ঞ ব্যক্তিৰ লগতে সংবাদ মাধ্যমৰ লগত জড়িত এজন ব্যক্তিকো সদস্য ৰূপে অন্তৰ্ভুক্ত কৰিব লাগে যদিও নাজিৰাৰ এই জন আৰোগ্য সমিতি খনত কোনো সংবাদ কৰ্মীক ৰখা হোৱা নাছিল৷ নাজিৰাৰ দুজনমান সংবাদ কৰ্মীয়ে এইক্ষেত্ৰত কৰ্তৃৃপক্ষৰ ওচৰত আৰ টি আই আইনৰ অধীনত আবেদন কৰাৰ পিছত বৰ্তমান নাজিৰাৰ এজন সংবাদ কৰ্মীক এই সমিতিত অন্তৰ্ভুক্ত কৰিছে বুলি গম পোৱা গৈছে৷
বিগত বহু দশকৰ পৰা স্থানীয় লোকক অৱজ্ঞা কৰি একপক্ষীয়ভাৱে এনে সমিতি গঠন কৰা কাৰ্যক লৈ স্থানীয় ৰাইজ দীৰ্ঘদিন ধৰি অসন্তুষ্ট যদিও ৰাজনৈতিক ভাবে প্ৰভাৱান্বিত এনে তথাকথিত পৰিচালনা সমিতি বা বৰ্তমানৰ জন আৰোগ্য সমিতিৰ অমনোযোগীতা আৰু দায়বদ্ধতাহীনতাৰ বাবেই আজি নাজিৰাৰ এই ঐতিহ্যমণ্ডিত চিকিৎসালয় খনত বিভিন্ন সমস্যাই দেখা দিয়াৰ লগতে ই মৃত্যুৰ মুখলৈ গতি কৰিছে। উল্লেখনীয় যে বিগত ২০২০ চনৰ পৰা চলিত বৰ্ষৰ মাৰ্চ মাহৰলৈকে চৰকাৰে এই চিকিৎসালয় খনলৈ আনটাইড ফাণ্ডৰ অধীনত ১০৪৬৭১২/টকা,কায়কল্প আঁচনিৰ জৰিয়তে ১০০০০০/ টকাৰ লগতে এন এইচ এম আৰু এন আৰ চি এম ৰ পৰা ৯৪৮২৩৭ টকা আগবঢ়াইছিল৷ তদুপৰি এই সময়ছোৱাত ৰোগী পঞ্জীয়ণৰ নামত ৪৭০৬৬০ /টকা সংগৃহীত হৈছিল৷চিকিৎসালয় খনলৈ আবণ্টিত আৰু সংগৃহীত ধন পৰিচালনা সমিতি তথা জন আৰোগ্য সমিতিয়ে ইয়াৰ পৰিকাঠামো উন্নয়ন আৰু মেৰামতিৰ বাবে খৰছ কৰিছে বুলি কৰ্তৃপক্ষই আমাক অৱগত কৰিছে যদিও আজিও এজাক ডাঙৰ বৰষুণতেই কৃত্ৰিম বানত ডুব যোৱা চিকিৎসালয় খনে ইয়াৰ উন্নয়নৰ ফোপোলা স্বৰূপকেই ডাঙি ধৰে৷সম্প্ৰতি নগৰবাসীৰ আশা আকাঙক্ষাক ভৃলুণ্ঠিত কৰি চৰকাৰে এই চিকিৎসালয় খনক লিগিৰীপুখুৰী অসামৰিক চিকিৎসালয়ৰ লগত সংলগ্ন কৰিব বিচাৰিছে যদিও এইক্ষেত্ৰত জন আৰোগ্য সমিতি খনে কোনো প্ৰতিবাদ নকৰাত নজিৰাৰ ৰাইজ আশ্বৰ্যান্বিত হৈ পৰিছে৷ উল্লেখ্য যে এই সমিতি খনৰ সভাপতি গুণ দত্তৰ প্ৰচেষ্টাত চিকিৎসালয় খনৰ চৌহদত ৰাইজৰ সুবিধাৰ্থে যোৱা জুন মাহত এটা চাবমাৰছিবল টিউব ৱেল বহুৱা হৈছিল যদিও দুদিনমানৰ পিছত এই টিউৱেলটো পুনৰ উঠোৱাই নিয়াৰ সন্দৰ্ভত আমি সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাত তেওঁলোকে এই চিকিৎসালয় খন শীঘ্ৰেই স্থানান্তৰিত হোৱাৰ যো-জা চলি থকাৰ বাবেই এই টিউৱেলটো উঠোৱাই নিয়া বুলি কয়৷ বৰ্তমানৰ জন আৰোগ্য সমিতি খনৰ একাংশ বিষয়ববীয়াই বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত এই স্থানান্তৰিত প্ৰসংগৰ প্ৰতিবাদ কৰাৰ পৰিবৰ্তে আমাকহে এইক্ষেত্ৰত ৰাজহুৱা প্ৰচেষ্টা চলাবৰ বাবে অনুৰোধ কৰা কাৰ্যই সমিতিখনৰ ফোপোলা স্বৰূপকেই পৰিস্ফুট কৰি তুলিছে৷ আনহাতে নাজিৰা নগৰ তথা সমীপৱৰ্তী অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে বৰ্তমানৰ স্থানতেই এই চিকিৎসালয় খন ৰাখি ইয়াক এক পূৰ্ণ পৰ্যায়ৰ স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰিবৰ বাবে স্থানীয় ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে নাজিৰাৰ বিধায়ক ময়ুৰ বৰগোহাঁইক অনুৰোধ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি গম পোৱা গৈছে৷

