Close Menu
News HuntneNews Huntne

    Subscribe to Updates

    Get the latest creative news from FooBar about art, design and business.

    What's Hot

    অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ

    July 12, 2026

    আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন

    July 6, 2026

    নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ

    July 4, 2026
    Facebook X (Twitter) Instagram
    Breaking News
    • অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
    • আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
    • নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
    • ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
    • নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
    • নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
    • असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
    • অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
    Facebook YouTube WhatsApp
    News HuntneNews Huntne
    • Home
    • State
      • Assam
      • Arunachal Pradesh
      • Nagaland
      • Manipur
      • Mizoram
      • Tripura
      • Meghalaya
      • Sikkim
    • National
    • Entertainment
    • Sports
    • Lifestyle
    • Environment
    • Education
    • More
      • Health
      • Videos
      • Photo
    News HuntneNews Huntne
    Home » আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
    Health

    আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন

    newshuntneBy newshuntneJuly 6, 2026Updated:July 6, 2026No Comments
    Facebook Twitter Pinterest LinkedIn WhatsApp Reddit Tumblr Email
    Share
    Facebook Twitter LinkedIn Pinterest Email
    নিউজডেক্স,৬জুলাই,২০২৬:
     বৰ্তমান ৰাজ্য চৰকাৰে অবৈধ বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ সময়তে  নাজিৰা চহৰৰ মাজমজিয়াত অৱস্থিত চৰকাৰী চিকিৎসালয়ৰ ভূমি
    বেদখল কৰি থকা এগৰাকী মহিলাৰ আবেদন  গুৱাহাটী উচ্চ ন্যায়ালয়ে বহু বছৰৰ আগতে নাকচ কৰাৰ পিছতো  দুই দশকৰো অধিক কাল ধৰি এই বিষয়টোৰ সু মিমাংসা
    কৰাত ব্যৰ্থ হৈছে চিকিৎসালয় কৰ্তৃপক্ষ তথা প্ৰশাসন৷
    উল্লেখ্য যে নাজিৰা নগৰৰ সোঁমাজত থকা এই চৰকাৰী সহাৰ্যপ্ৰাপ্ত ৰাজ্যিক চিকিৎসালয় খনলৈ চিকিৎসাজনিত কাৰণত নগৰখনৰ লগতে উপকণ্ঠীয় অঞ্চলৰ লোকৰ আগমণ ঘটে  আৰু ইয়াক এক পূৰ্ণাংগ স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰিবৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি দাবী উণ্থাপন কৰি আহিছে৷এই চিকিৎসালয়ৰ চৌহদত প্ৰয়োজনীয় ভৱন নিৰ্মাণ কৰি ৰাইজক উন্নত চিকিৎসা সেৱা প্ৰদান কৰিব পৰাৰ থল আছে যদিও চিকিৎসালয় খনৰ ভূমি আনক বেদখল কৰিবলৈ এৰি দিয়া ইয়াৰ পৰিচালনা সমিতি তথা চৰকাৰ এইক্ষত্ৰত ৰহস্যজনক ভাবে নিমাত৷সাধাৰণতে ৰাজনৈতিক দৃষ্টভংগীৰে কাৰোবাক সংস্থাপিত কৰিবৰ  বাবেই কোনো বাদ বিচাৰ নোহোৱাকৈ গঠন কৰা পৰিচালনা সমিতি সমূহৰ দুৰ্বলতা, দায়বদ্ধহীনতা আৰু চৰম নিস্কৃয়তাৰ বাবেই এই চিকিৎসালয় খনৰ ভূমি আনে বেদখলৰ সুবিধা পাইছে বুলি ৰাইজে মতপোষণ কৰিছে৷ নাজিৰা মৌজাৰ অধীনৰ জাংগুল বাৰি গ্ৰাণ্টৰ  ৫৭১ দাগৰ প্লট নং ৫১  আৰু ৫২ ৰ দ্বাৰা সামৰি লোৱা ৪ বিঘা,১ কঠা আৰু ১৩ লোচাৰ মাটিত ১৯৪৪ চনত নাজিৰাৰ এই স্বাস্থ্য কেন্দ্ৰটো স্থাপন কৰা হৈছিল।
    এই চিকিৎসালয়ৰ চৌহদতে থকা পাৰ্বতী কৰ্মকাৰ ৰাভা নামৰ মহিলা গৰাকীয়ে দাবী কৰে যে তেওঁ ৩ কঠা ৬ লোচৰ মাটিৰ এটা প্লটৰ গৰাকী কিন্তু প্ৰকৃততে এই বিবদমান ৩ কথা ৬ লোচা  মাটি চিকিৎসালয় খনৰ মাটিৰে এটা  অংশ।
    স্বাস্থ্যকেন্দ্ৰটো  থকা ৪ বিঘা,১ কঠা আৰু ১৩ লোচাৰ এই ভূমিখিনি মূলতঃ অসম চাহ কোম্পানীৰ।অসম চাহ কোম্পানীয়ে এই মাটিখিনি স্বাস্থ্যকেন্দ্ৰ টোক লিজত দিছিল, এই কথা অসম কোম্পানী আৰু  অ’ এন জি চিৰ মাজত ৩০/১২/১৯৬৮ তাৰিখে কাৰ্যকৰী কৰা বিক্ৰীৰ চুক্তিটো উল্লেখ কৰা আছে৷
    পাৰ্বতী কৰ্মকাৰ ৰাভা এই স্বাস্থ্য কেন্দ্ৰৰ চতুৰ্থ শ্ৰেণীৰ প্ৰাক্তন  কৰ্মচাৰী সুখদেৱ কৰ্মকাৰৰ কন্যা ৷ চিকিৎসালয় খনৰ চকিদাৰ ৰূপে কাম কৰা সুখদেৱক স্বাস্থ্যকেন্দ্ৰটোৰ চৌহদৰ চৰকাৰী কোৱাৰ্টাৰত থাকিবলৈ দিয়া হৈছিল যদিও সুখদেৱে ১৯৯৭ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছত এই কোৱাৰ্টাৰটো খালী কৰা নাছিল। সেই সময়ত অৰ্থাৎ ১৯৯৭ চনৰ পিছৰ পৰা চিকিৎসালয় খনত কৰ্মৰত চিকিৎসা বিষয়া আৰু পৰিচালনা সমিতিৰ দুৰ্বলতাৰ বাবেই আৰু এনেকৈ গোজেই গজালিত পৰিণত হ’ল৷
    নব্বৈৰ দশকৰ শেষৰ ফালে পাৰ্বতীয় কৰ্মকাৰে অসম ভাড়াতীয়া আইনৰ অধীনত শিৱসাগৰৰ সহকাৰী আয়ুক্তৰ ওচৰত এই  মাটিৰ ৩ কঠা আৰু ৬লোচা জমিৰ মালিকীস্বত্ব প্ৰদানৰ বাবে আবেদন দাখিল কৰিছিল আৰু  সহকাৰী আয়ুক্ত ই  নাজিৰাৰ ৰাজহ চক্ৰ বিষয়াৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পিছত পাৰ্বতীক সাময়িক পট্টা প্ৰদান কৰাৰ নিৰ্দেশ দিছিল।অৱশ্যে ২০০০ চনৰ ২৭ জুনত সহকাৰী আয়ুক্তই ১৯৯৯ চনৰ ৭ জানুৱাৰীত দিয়া তেওঁৰ আদেশ পুনৰীক্ষণ কৰি  মানৱীয়তাৰ ভিত্তিত পাৰ্ব তী কৰ্মকাৰক মাত্ৰ ৪ লোচা মাটিৰ বাবেহে সময়িক  পট্টা দিয়াৰ নিৰ্দেশ দিয়ে৷
     ইয়াৰ পিছতে পাৰ্বতী কৰ্মকাৰে অসম ৰাজহ ব’ৰ্ড ,গুৱাহাটীৰ আদালতলৈ যায় আৰু সহকাৰী আয়ুক্তৰ  ২৭ জুন২০০০ৰ আদেশক প্ৰত্যাহ্বান জনায় ৷৩ জানুৱাৰী,২০০১ তাৰিখে ৰাজহ আদালতে পাৰ্বতীৰ  আবেদন খাৰিজ কৰি আপীলকাৰীক দেৱানী আদালতৰ কাষ চাপিবলৈ কোৱাৰ  পিছত পাৰ্বতী  কৰ্মকাৰে  বিষয়টো  শিৱসাগৰৰ দেৱানী ন্যায়াধীশ(জ্যেষ্ঠ বিভাগ),ওচৰলৈ লৈ যায়। ২০০১ চনৰ ৩০ মাৰ্চত  আদেশ প্ৰদান কৰি শিৱসাগৰৰ দেৱানী ন্যায়াধীশ জি কে দত্তই পাৰ্বতীৰ আবেদন নাকচ কৰি কয় যে “আবেদনকাৰীয়ে নিষেধাজ্ঞা প্ৰদানৰ বাবে প্ৰাইমা ফেচি গোচৰ ৰুজু কৰাত ব্যৰ্থ হৈছে”।
    অৱশেষত ,পাৰ্বতীয়ে বিষয়টো সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়লত ৰীট আবেদন দাখিল কৰে যদিও ২০০৩ চনৰ ২০ মে’ত উচ্চ ন্যায়ালয়ৰ  ন্যায়াধীশ পি জি আগৰৱালে পাৰ্বতীৰ ৰিট আবেদন   খাৰিজ কৰে। আনহাতে আদালতৰ স্পষ্ট নিৰ্দেশ আৰু জনসাধাৰণৰ দাবীৰ পিছতো চিকিৎসালয় কৰ্তৃপক্ষই পাৰ্বতী কৰ্মকাৰৰ পৰা চিকিৎসালয়ৰ ভূমি উদ্ধাৰ কৰিব পৰা নাই।নাজিৰাৰ ক্ৰমবৰ্ধমান জনসংখ্যা আৰু স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাক বিবেচনা কৰি অতি শীঘ্ৰে চিকিৎসালয়খন বেদখলমুক্ত কৰাৰ লগতে এই চিকিৎসালয়ৰ  উন্নয়নৰ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত দাবী জনাইছে।
    Share. Facebook Twitter Pinterest LinkedIn Tumblr Telegram Email
    newshuntne
    • Facebook
    • X (Twitter)
    • Instagram

    newshuntne.co is leading News Portal. newshuntne delivers news and information about latest stories, breaking news, headlines, entertainment, lifestyle, and other local news in English,Assamese and Hindi Languages. The aim of newshuntne is to reaching millions of Indians in India and abroad and who are eager to stay in touch with India.We will always try our best to promote the ethnic culture of our society.

    Related Posts

    নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ

    July 4, 2026

    নাজিৰা সমষ্টিত “শুশ্ৰূষা সেতু” শীৰ্ষক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন

    September 26, 2025

    নাজিৰাত মাদক দ্ৰব্য সেৱন বিৰোধী অভিযান , বাল্য বিবাহ আৰু গৰ্ভৱতী কিশোৰীৰ সামাজিক সমস্যা সন্দৰ্ভত সজাগতা সভা সম্পন্ন

    September 4, 2025
    Leave A Reply Cancel Reply

    Top Posts

    অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ

    July 12, 2026

    আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন

    July 6, 2026

    নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ

    July 4, 2026
    Don't Miss

    অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ

    By newshuntneJuly 12, 2026

    নিউজডেক্স,১২জুলাই,২০২৬: :  আধুনিক বিশ্বৰ অপৰম্পৰাগত  প্ৰাকৃতিক তেল আৰু গেছৰ এক প্ৰাচুৰ্য্যময় উৎস ৰূপে চিহ্নিত হোৱা…

    আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন

    July 6, 2026
    Stay In Touch
    • Facebook
    • YouTube
    • WhatsApp
    About Us
    About Us

    News Huntne is the best news website. It provides news from many areas.

    Facebook YouTube WhatsApp
    Our Picks

    অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ

    July 12, 2026

    আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন

    July 6, 2026

    নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ

    July 4, 2026
    Most Popular

    New pictures of Vicky Kaushal and Katrina Kaif with friends from their vacay will make you miss your BFFs

    July 20, 2022

    Gangster killed, 3 cops injured in encounter between police and criminals suspected in Sidhu Moose Wala’s killing | Amritsar News – Times of India

    July 20, 2022

    Coronavirus: Nasal vaccines may hold the promise to stop COVID infections. How soon will we get them? | The Times of India

    July 20, 2022
    © 2026 Newshuntne.com. Designed by Newsreach.in.
    • Contact Us
    • About Us
    • Disclaimer
    • Terms and Condition
    • Privacy Policy

    Type above and press Enter to search. Press Esc to cancel.