নিউজডেক্স,১২জুলাই,২০২৬: : আধুনিক বিশ্বৰ অপৰম্পৰাগত প্ৰাকৃতিক তেল আৰু গেছৰ এক প্ৰাচুৰ্য্যময় উৎস ৰূপে চিহ্নিত হোৱা চেইল গেছৰ এক অফুৰন্ত ভাণ্ডাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত সিঁচৰিত হৈ আছে যদিও কোনো অজ্ঞাত কাৰণত কেন্দ্ৰীয় চৰকাৰে অসমৰ এই ঐশ্বৰ্যশীল চেইল গেছৰ ভাণ্ডাৰ উদ্ঘাটন নকৰাটো বা কৰিব নিবিচৰাটো অতি আশ্বৰ্যজনক কথা ৷ সাধাৰণতে পৰম্পৰাগত প্ৰাকৃতিক তেল বা গেছ জীৱাস্মৰ উৎপাদিত হয় আৰু ইয়াৰ ব্যৱহাৰৰ ফলত বায়ুমণ্ডল প্ৰদূষিত হৈ পৃথিৱীৰ গোলকীয় উষ্ণতা বাঢ়ে, আনহাতে ভূগৰ্ভত গেদীয় শিলৰ মাজত স্তৰীভূত হৈ থকা চেইল গেছৰ উৎপাদন কিছু ব্যয়সাধ্য হলেও এনে গেছ ব্যৱহাৰৰ ফলত আন ইন্ধনৰ তুলনাত প্ৰদূষণৰ মাত্ৰা বহু কম হয় বাবেই ই পৰিবেশৰ বাবে অনুকূল ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তি বিভাগৰ ২০১১ চনৰ এক তথ্যানুসৰি বিশ্বৰ ৩৮ খন দেশৰ ৪৮ টা অঞ্চলৰ ভূ গৰ্ভত চেইল গেছৰ এক বৃহৎ ভাণ্ডাৰ মজুত আছে ৷ অপৰম্পৰাগত শক্তিৰ উৎস হিচাবে বিগত ২০১৩ চনৰ লৈকে কেৱল আমেৰিকা , কানাডা আৰু চীন দেশেহে চেইল গেছৰ উৎপাদন কৰিছিল যদিও বৰ্তমান আন বহু দেশে এই গেছ উৎপাদনত মনোনিৱেশ কৰিছে৷ আমেৰিকা আৰু কানাডাত চেইল গেছৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ লগতে দেশ দুখনৰ অৰ্থনীতি আৰু পৰিবেশ সুৰক্ষাতো ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ ভাৰত চৰকাৰে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আৰ্ন্তজাতিক সংস্থাৰ দ্বাৰা চলোৱা এক অনুসন্ধানত দেশখনৰ গাংগোত্ৰিক অঞ্চল, অসম, গুজৰাট আৰু বিভিন্ন উপকূীয় অঞ্চলত চেইল গেছৰ ভাণ্ডাৰ থকাৰ তথ্য পোহৰলৈ আহিছিল৷ ২০১৩ চনৰ ৫ জানুৱাৰীত তদানীন্তন কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী এম- বীৰাপ্পা মৈলীয়ে অসমত চেইল গেছ নিস্কাষণৰ কথা ঘোষণা কৰাৰ সমান্তৰালভাৱে অইল ইণ্ডিয়া আৰু অ এন জি চি য়ে অসমৰ লাকুৱা, বনমালী, নামটি, ডিব্ৰুগড়, চাবুৱা, ডুমডুমা ইত্যাদি বিভিন্ন অঞ্চলত চেইল গেছ উদ্ঘাটনৰ কথা প্ৰকাশ কৰিছিল যদিও আজিৰলৈকে এই বিষয়ে কোনেও সবিশেষ তথ্য ৰাজহুৱা নকৰাটো এক ৰহস্যজনক বিষয়৷ আনহাতে ২০১৭ বৰ্ষত অ এন জি চি য়ে বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে চেইল গেছ অণ্বেষনৰ প্ৰক্ৰিয়া বন্ধ কৰে ৷ আমাৰ ব্যক্তিগত অনুসন্ধানত এই কথা পোহৰলৈ অহে যে অ এন জি চি য়ে কিবা গোপন কাৰণত অসমত চেইল গেছ অণ্বেষন সম্পৰ্কীয় কোনো কথাই ৰাজহুৱা কৰিবলৈ ইচ্ছুক নহয় ৷ এইক্ষেত্ৰত অ এন জি চিৰ অধ্যক্ষৰ ওচৰত আৰ টি আই আবেদন দাখিল কৰাৰ লগতে নাজিৰাস্থ অসম সম্পদৰ মুখ্য কাৰ্যালয় আৰু যোৰহাট বেচিনৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ লগত যোগাযোগ কৰিও কোনো সুদুত্তৰ নোপোৱা কাৰ্যই সমগ্ৰ বিষয়টো অধিক ৰহস্যঘন কৰি তুলিছে ৷ আনহাতে কেইবছৰমানৰ আগতে ভাৰত চৰকাৰে ব্যক্তিগত খণ্ডৰ তৈল প্ৰতিষ্ঠান এচাৰ (ESSAR) ক চেইল গেছ অণ্বেষনৰ অনুমতি প্ৰদান কৰিছিল৷ এইক্ষেত্ৰত প্ৰশ্ন উঠে ব্যক্তিগত তৈল প্ৰতিষ্ঠানে যদি চেইল গেছৰ অণ্বেষন আৰু উৎপাদন কৰিব পাৰে তেন্তে তথাকথিত “মহাৰত্ন” প্ৰতিষ্ঠান অ এন জি চি য়ে নোৱাৰাৰ কাৰণনো কি ? অসমৰ ভূগৰ্ভত থকা প্ৰাচুৰ্য্যশীল চেইল গেছৰ উদ্ঘাটন হবনো কেতিয়া , কাৰোবাৰ গোপন স্বাৰ্থ সিদ্ধিৰ বাবে কোনো বহুজাতিক কোম্পানীৰ হাতত গতাই দিবৰ বাবেই অপ্ৰাসঙ্গিক কৰি তোলা হৈছে নেকি চেইল গেছৰ দৰে অসমৰ এক মহা মূল্যবান সম্পদক৷ এই সমগ্ৰ বিষয়টো লৈ ইতিপূৰ্বে অসমৰ বিভিন্ন সংবাদ মাধ্যমত
বিস্তাৰিত ভাবে বাতৰি প্ৰকাশ হোৱাৰ পিছতো দুই এটা সৰু সুৰা জনকল্যাণমূলক কাম কৰি নিজ ইচ্ছামতে প্ৰস্তুত কৰা প্ৰেছ বিজ্ঞপ্তি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰি প্ৰচাৰ মাধ্যমৰ দ্বাৰা বাঃ বাঃ লব খোজা অ এন জি চি ৰ অসম সম্পদৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ে এই সনদৰ্ভত আৰ টি আই আইনকো অৱজ্ঞা কৰাৰ লগতে আজিও স্থানীয় সাংবাদিক সকলৰ মুখামুখি হব নোখোজাটো আশ্বৰ্যজনক কথা৷
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

