বীৰ চিলাৰায় বঁটাৰ বাবে নিৰ্বাচিত তন্ময়ী শ্ৰুতিধাৰা গগৈ৷

নাজিৰা, 2৮ জুলাই:- শিৱসাগৰ জিলাৰ নাজিৰা নবোদয় বিদ্যালয়ৰ ছাত্ৰী তথা এনচিচিৰ কেডেট তন্ময়ী শ্ৰুতিধাৰা গগৈলৈ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে ২০২২-২০২৩ বৰ্ষৰ বীৰ চিল্লা ৰয় বঁটা আগবঢ়াইছে৷ ১০ম অসম বেটেলিয়নৰ ডিব্ৰুগড়ৰ এনচিচি ইউনিটৰ অধীনৰ এনচিচি কেডেট
তন্ময়ী শ্ৰুতিধাৰা গগৈয়ে জুনিয়ৰ ছোৱালীৰ বিভিন্ন শাখাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আগবঢ়োৱাৰ লগতে এনচিচি প্ৰশিক্ষণত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিছিল৷
অসম চৰকাৰৰ মুখ্য সচিব আৰু বীৰ চিলাৰায় এৱাৰ্ড ৰাজ্যিক কমিটিৰ অধ্যক্ষ জিষ্ণু বৰুৱাৰ অধক্ষ্যতাত অনুষ্ঠিত বাচনি সমিতিয়ে তন্ময়ী শ্ৰুতিধাৰা গগৈক এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে৷
তন্ময়ী শ্ৰুতিধাৰা গগৈ নাজিৰাস্থিত জৱাহৰলাল নৱোদয় বিদ্যালয় শিৱসাগৰৰ ছাত্ৰী৷ ডিব্ৰুগড়ৰ এনচিচি গ্ৰুপ হেড কোৱাৰ্টাৰৰ বিষয়া কৰ্ণেল আৰ ৰমেশ আৰু ডিব্ৰুগড়ৰ এনচিচি ইউনিট ১০ অসম বেটেলিয়নৰ কমাণ্ডিং অফিচাৰে কেডেটগৰাকীৰ এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অহা ১৫ আগষ্ট তাৰিখে ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান অনুষ্ঠানত তন্ময়ী শ্ৰুতিধাৰা গগৈক এই বঁটা প্ৰদান কৰিব৷

আনহাতে এনচিচি বিষয়া ডা° বিষ্ণু প্ৰসাদ নায়কে কয় যে এই খবৰ নবোদয় বিদ্যালয় আৰু এনচিচি কেডেটসকলৰ বাবে গৌৰৱৰ বিষয়। অধ্যক্ষ শ্ৰী চম্পক ৰঞ্জন বৰাই কেডেটসকলক অভিনন্দন জনাই আৰু তেওঁলোকক উৎসাহিত কৰে৷


