শিমলুগুৰি আৰক্ষী থানাত নৱনিৰ্মিত শিৱ মন্দিৰ শুভউদ্বোধন।
শিৱ, পাৰ্ৱতী, গনেশ আৰু কাৰ্তিকৰ প্ৰতিমা স্থাপন৷

শিৱসাগৰ জিলাৰ শিমলুগুৰি আৰক্ষী থানাৰ চৌহদত আজি এটি নৱনিৰ্মীত শিৱ মন্দিৰৰ শুভউদ্বোধন কৰা হয়।
শিমলুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূৰ্য্য বৰাৰ প্ৰচেষ্টাত নিৰ্মিত শিৱ মন্দিৰটোত শিৱ পাৰ্ৱতীৰ লগতে গনেশ আৰু কাৰ্তিকৰ প্ৰতিমাৰে নৱ নিৰ্মিত সুন্দৰ মন্দিৰটি পুজা-পাৰ্ৱনেৰে মুকলি কৰে কেইবাজনো পুৰুহিতে।
থানাখনৰ চৌহদত নিৰ্মাণ কৰা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত স্থানীয় বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

আনহাতে থানা চৌহদত নিৰ্মাণ কৰা এই মন্দিৰটোৰ জৰিয়তে অঞ্চলটোত ভক্তি ভাৱৰ মহিমা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে স্থানীয় লোক সকলে৷


