ভাৰতে মালয়েছিয়াক বিক্ৰী কৰিব ১৮ খনকৈ যুঁজাৰু বিমান !
নাজিৰা 6 আগষ্ট: মালয়েছিয়াক ১৮ খন লাইট কমবেট এয়াৰক্ৰাফ্ট (LCA) “তেজছ” বিক্ৰী কৰাৰ প্ৰস্তাৱ দিছে ভাৰতে। প্ৰাপ্ত তথ্য মতে ভাৰত চৰকাৰে যোৱা বছৰ চৰকাৰৰ মালিকানাধীন হিন্দুস্তান এৰোনটিক্স লিমিটেডক এটা ডাঙৰ চুক্তি দিছিল।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় বায়ু সেনাৰ বাবে ৮৩ খন তেজছ লাইট কমবেট এয়াৰক্ৰাফ্ট ক্ৰয় কৰাৰ বাবে যোৱা
বছৰ ফেব্ৰুৱাৰীত এইচএএলৰ সৈতে ৪৮,০০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছিল।
এইচ.এ.এল.-য়ে ২০২৩ চনৰ পৰা এই বিমানসমূহৰ বিতৰণ আৰম্ভ কৰিব লাগিব।তেজস এখন বিশেষ বিমান। কিন্তু ইয়াৰ কিছুমান প্ৰত্যাহ্বান আছে।
এবাৰ ভাৰতীয় নৌসেনাই ইয়াক অতি গধুৰ বিমান হোৱাৰ বাবে প্ৰত্যাখ্যান কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে সংসদক জনায় যে হিন্দুস্তান এৰোনটিক্সে যোৱা বছৰ অক্টোবৰত ৰয়েল মালয়েচিয়ান বায়ু সেনাৰ পৰা এটা প্ৰস্তাৱ লাভ কৰিছিল।
ইয়াৰ প্ৰতি সঁহাৰি জনাইয়ে হিন্দুস্তান এৰোনটিক্সে তেজছৰ দুখন আসনৰ সংস্কৰণ বিক্ৰী কৰাৰ প্ৰস্তাৱ দি ১৮ খন জেট বিক্ৰী কৰিবলৈ ওলাইছে।
এই তেজছক ক্ৰয় কৰিবৰ বাবে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ইজিপ্ত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া আৰু ফিলিপাইনেও আগ্ৰহ কৰিছে।


