নিউজ ডেক্স; ৩১ ডিচেম্বৰ ২০২২ : ৰাজ্যৰ ৪খন জিলা অবলুপ্ত কৰা হল। সংবাদমেলযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিলুপ্ত হোৱা জিলা কেইখন হৈছে, বিশ্বনাথ, বজালী, হোজাই আৰু তামুলপুৰ জিলা।
বিশ্বনাথ জিলাক পুনৰ শোণিতপুৰত অন্তৰ্ভুক্ত, বজালী জিলাক বৰপেটাত অন্তৰ্ভুক্ত, হোজাই জিলাক নগাঁও জিলাৰ সৈতে একত্ৰিত কৰাৰ লগতে তামুলপুৰ জিলাক পুনৰ বাক্সা জিলাৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত ঘোষণা কৰা হয়।
ইয়াৰ উপৰিও উত্তৰ গুৱাহাটীৰ টাউন কমিটীৰ সালসলনি কৰা হ’ব। উত্তৰ গুৱাহাটী কামৰূপ মহানগৰত সন্নিবিষ্ট হ’ব।

