নিউজ ডেক্স,৪ জানুৱাৰী ২০২৩ : আজি ৰাজ্য চৰকাৰে ঘোষণা কৰিলে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা। চৰকাৰৰ সিদ্ধান্ত অনুসৰি ৰাজ্যখনৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ বঁটা এইবাৰ প্ৰদান কৰা হৈছে ডাঃ তপন শইকীয়াক। ডা: শইকীয়া এগৰাকী আন্তঃৰাষ্ট্ৰীয় কেন্সাৰ ৰোগ বিশেষজ্ঞ চিকিৎসক৷ আজি জনতা ভৱনত আয়োজিত এক সংবাদমেলত এই বঁটাসমূহ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে কৃষ্ণ ৰয়, গীলবাৰ্টছন ছাংমা, নয়নমণি শইকীয়া, বিনয় কুমাৰ শইকীয়া আৰু ডাঃ শশীধৰ ফুকনলৈ।
অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে নৱগ্ৰহত সেৱা আগবঢ়াই অহা ধৃতিমালা ডেকা, ডাঃ দেৱজিৎ বৰ্মন, ৰূস্তম বসুমতাৰী, মাঞ্জেলা (চিংফৌ হেৰিটেজৰ ৰণুৱা), বিনন্দ হাতীবৰুৱা (মাগুৰিবিলৰ বিশেষজ্ঞ), অতুল চন্দ্ৰ বৰুৱা, কল্যাণী ৰাজবংশী (আত্মসহায়ক গোটৰ অংশীদাৰ), শীলা গোৱালা (আশাকৰ্মী), ডাঃ যোগেশ দেউৰী (ৰেচম তথা সোণালী সূতাৰ বিশেষজ্ঞ), পংকজলাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মানথাং মাৰ (আনাৰস খেতিয়ক), ড০ ধ্ৰুৱজ্যোতি শৰ্মা (ডেফডিল নাৰ্ছাৰী), দয়াল গোস্বামী (মুখা শিল্পী) আৰু ছৈয়দ ইফতিকাৰ আহমেদলৈ।

