নিউজ ডেক্স,৯ জানুৱাৰী : নাজিৰাৰ শিমলুগুৰিৰ আগশাৰীৰ নৃত্য প্ৰশিক্ষণ অনুষ্ঠান ৰেহানা নৃত্য একাডেমীৰ পঞ্চম বৰ্ষপূ্ৰ্তি শিমলুগুৰিস্থিত ৰেহানা নৃত্য একাডেমীত এদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়।
কেক কাটি অতি আনন্দ উল্লাখেৰে বৰ্ষপূৰ্তি উদযাপন কৰে অনুষ্ঠানটোৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে প্ৰশিক্ষাৰ্থী সকলে।
উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি একাডেমীৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা নৃত্য, ফেশ্বন শ্ব’ আদিৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়।

