নিউজ ডেক্স, ৯ জানুৱাৰী,২০২৩ : ৰাইছা তবচ্চুম নামৰ দিল্লীত অধ্যয়নৰত নাজিৰাৰ মেধাবী ছাত্ৰী গৰাকীৰ তত্বাবধানত ইএল জেফা ফাউণ্ডেচন এন জিঅৰ সহযোগত নাজিৰা মহাবিদ্যালয়ত নাজিৰাৰ দহগৰাকী কৃতী ছাত্ৰছাত্ৰীক এবছৰৰ বাবে জলপানি প্ৰদান কৰে ৷
ছাত্ৰছাত্ৰীৰ দ্বাৰা গঠিত হোৱা এন জিঅৰ সহযোগত এনে কাৰ্যক বিভিন্নজনে শলাগ লয় ৷
একেখন সভাতে ইএল জেফা ফাউণ্ডেচন ,নাজিৰা মহাবিদ্যালয় কেন্দ্ৰীয় পুথিভঁৰাল আৰু অসম মহিলা পৰিষদৰ নেত্ৰী দিপ্তী বড়াৰ সহযোগত নাজিৰাৰ ৫০ গৰাকী দিব্যাংগক ব্লেংকেট প্ৰদান কৰে ৷
গোপাল বৰুৱাই আতঁ ধৰা অনুষ্ঠানত নাজিৰাৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷


