নিউজ ডেক্স,৯ জানুৱাৰী ২০২৩: যোৱা নিশা প্ৰায় ১১ বজাত শিৱসাগৰৰ দিখৌ দলঙৰ সমীপত পথ দুৰ্ঘটনাত পতিত হয় কণ্ঠশিল্পী মহেন্দ্র হাজৰিকাৰ বাহন দুৰ্ঘটনাগ্রস্ত বাহনখনে
নিয়ন্ত্রণ হেৰুৱাই দলঙৰ কাষৰ এজোপা গছত খুন্দোৱাৰ ফলত আহত হয় শিল্পীগৰাকী।
জয়সাগৰৰ পৰা শিৱসাগৰ অভিমুখে আহি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।
শিল্পীগৰাকীক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মূৰ আৰু হাতত আঘাত পোৱা শিল্পীগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি চিকিৎসকে জানাইছে৷

