নিউজ ডেক্স ,১১ জানুৱাৰী ২০২৩ : অসমৰ বিশিষ্ট লেখক , অনুবাদক আৰুণি কাশ্যপলৈ আগবঢ়োৱা হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ২০২৩ বৰ্ষৰ নেশ্যনেল এণ্ডাউমেণ্ট ফৰ দ্য আর্টছ ফেল’শ্বিপ। পোন প্ৰথমবাৰৰ বাবে অসমীয়া ভাষালৈ আগবঢ়োৱা হৈছে এই সন্মান ৷ অসমীয়া আৰু ইংৰাজী ভাষাৰ চুটিগল্প, উপন্যাস আৰু কবিতাৰ লেখক অৰুণী কাশ্যপে অসমীয়াৰ পৰা আন ভাষালৈ অনুবাদ কৰিছে বহু সাহিত্য ৷


