নিউজ ডেক্স, ১১ জানুৱাৰী ২০২৩ : আজি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান তথা অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ সহযোগত নাজিৰা বৰবৰুৱা পুখুৰী পাৰত তিনিদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত খাদ্য, বস্ত্ৰ প্ৰদৰ্শনী ও বিক্ৰী “প্ৰাক ভোগালী মেলা, ২০২৩” ৰ আয়োজন কৰা হয়।
এই অনুষ্ঠানত নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনৰ উপস্থিতিত, নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই মেলা খনৰ শুভ উদ্বোধন কৰে।
মহকুমাধিপতি আয়ুষী জৈনে উপস্থিত সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই কয় যে, “আমি মহিলা আত্মসহায়ক গোট সমূহৰ দ্বাৰা উৎপাদিত পিঠা -পনা আৰু অন্যান্য সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ এই মেলাৰ আয়োজন কৰিছো। তেওঁলোকক আৰ্থিক ভাৱে সবল আৰু স্বাৱলম্বী কৰাটোৱে হৈছে আমাৰ মূল লক্ষ্য । গতিকে মই সমূহ নাজিৰা বাসী ৰাইজক এই মেলালৈ আহি ভোগালীৰ পিঠা – পনা আৰু জা – জলপান ক্ৰয় কৰিবলৈ আহ্বান জনাইছোঁ।”
উল্লেখ্য যে, আত্মসহায়ক গোটৰ বিপনী সমূহৰ উপৰিও নাজিৰা পৌৰ সভাৰ অধীনত ঘৰে ঘৰে আৱৰ্জনা পৃথকীৰণ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন বিপনীও মুকলি কৰা হয়। এই বিপনীত পৌৰ সভাৰ সদস্য সকলে শুকান আৰু কেঁচা আৱৰ্জনা পৃথকীকৰণ সন্দৰ্ভত উপস্থিত ৰাইজক অৱগত কৰায়।


