নিউজ ডেক্স,২১ জানুৱাৰী ২০২৩ : প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন৷ অন্য প্ৰান্তৰ দৰে নাজিৰাৰ মিঠাপুখুৰী মধ্য অসমীয়া বিদ্যালয়তো দেখা গৈছে এক উৎসৱ মুখৰ পৰিবেশ৷ শতাধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয় খনৰ পৰিবেশ দেখি আনন্দিত বহি: নিৰীক্ষক।
পূৰ্বে A+ গ্ৰেড লাভ কৰা বিদ্যালয়খনিত গঢ়ি তোলা এটা ডিজিটেল কোঠা, পেলনীয়া সামগ্ৰীৰ পৰা তৈয়াৰ কৰা সামগ্ৰীৰে সজাই তোলা প্ৰদৰ্শনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷

