নিউজ ডেক্স,২১ জানুৱাৰী ২০২৩ : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ দেশৰ পৰা একমাত্ৰ মনোনয়ন কৰা হৈছে চৰাইদেউ মৈদামক্ষেত্ৰ। জনতা ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিব দিয়ে। ভাৰত চৰকাৰে দেশৰ বিভিন্ন ঠাইৰ পাঁচখন স্থানক এইবাৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতিৰ বাবে তালিকাভুক্ত কৰিছিল যদিও আন ৪ খন স্থানৰ নাম বাতিল হোৱাত চৰকাৰে কেৱল চৰাইদেউ মৈদামক্ষেত্ৰৰ নামহে ইউনেস্ক’লৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে৷সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ দেশৰ একমাত্ৰ মনোনয়ন চৰাইদেউ মৈদাম হ’ব বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ে তেওঁক জনায়।চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি দিয়াৰ বাবে ৰাজ্যবাসীয়ে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছিল আৰু আজি কন্দ্ৰীয় চৰকাৰে ইউনেস্ক’লৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে চৰাইদেউৰ নাম প্ৰেৰণ কৰিব বুলি খবৰ পাই উৎফুল্লিত হৈ পৰে সমগ্ৰ চৰাইদেউবাসী৷ আনহাতে ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহনে আজি চৰাইদেউৰ মৈদামক্ষেত্ৰত সেৱা কৰি বন্তি প্ৰজ্বলন কৰাৰ পিছত এনে পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় কয় যে আজি আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউৰ বাবে অতি আনন্দৰ দিন। কিয়নো আজিৰ দিনটোত কেন্দ্ৰীয় চৰকাৰে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ সমূহৰ ভিতৰত এখন ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ অৰ্থে ইউনিস্কোলৈ পত্ৰ প্ৰেৰণৰ কথা ঘোষণা কৰিছে।এই খবৰ শুনাৰ লগে লগেই সমগ্ৰ চৰাইদেউ বাসীৰ মাজত সৃষ্টি হয় আনন্দ – উল্লাস। ফটকা-আতচবাদী ফুটাই সকলোৱে আনন্দত আত্মহাৰা হৈ পৰে। ৰাজ্যিক প্ৰত্নতত্ব বিভাগে প্ৰস্তুত কৰা ড’চিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা পাছত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই ড’চিয়াৰ প্ৰেৰণ কৰিব ইউনেস্কোলৈ। ২০১৪ বৰ্ষতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভূক্ত হ’বলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম কেন্দ্ৰীয় চৰকাৰে ইউনেস্কোলৈ প্ৰেৰণ কৰাৰ কথা আজি সংবাদ মেল যোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

